সমললৈ যাওক

পৃষ্ঠা:বিননি.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ৰাক্ষসী প্ৰকৃতি

মোৰ ইহ জনমৰ  পোন প্ৰথমৰ
 অতি আদৰৰ ধন,
যাক কোলাত পাই  মাতৃত্ব বোলাই
 আনন্দে প্ৰফুল্ল মন।

পূৰ্ণ-চন্দ্ৰ মুখ  দেখি পালোঁ সুখ
 দুখ-কষ্ট পাহৰিলোঁ,
প্ৰাণৰ পোনাটি  বুকুত সাৱটি
 কৰ্ত্তব্যত মন দিলোঁ।

প্ৰাণৰ পুতলা  যত কৰে খেলা
 আছে হৃদয়তে আঁকা,
শিশুৰ ধেমালি,  কৈশোৰ শিকনি,
 যৌৱনত সুবুদ্ধি চোকা।

ৰাক্ষসী প্ৰকৃতি  কত নো আশা দি
 হৰিলি হৃদয়ৰ ধন;
ফলে ফুলে ভৰা  তোৰ এই ধৰা
 তাতো নুজুৰালে মন।

২৬