৩
ভগৱতীয়ে নিজৰ সোণৰ-সংসাৰ, খনিকেই তুলি নি কোন অজ্ঞান দেশত নিজৰ সুকীয়া এখনি বৈকুণ্ঠপুৰী পাতিছেগৈ কোনে কব?
দিচাঙৰ পানী আফালি উঠিল, পাৰত অসংখ্য নৰনাৰীৰ সমাগমত সেই ঠাই তীৰ্থ-সদৃশ হৈ পৰিল! “ভগৱতী মইনা” বোলোঁতে পমি যোৱা মোমাইদেৱেক, আপোন-পৰ ইষ্ট-মিত্ৰ সকলোৱে কৰুণ-ক্ৰন্দন ধ্বনিয়ে আকাশ দুফাল কৰিলে। তাৰ পাছত অৱৰ্ণনীয় দৃশ্য! চকুৰ আগেদি জুই আঙনি যোৱা দৃষ্টিৰে যমকো থৰহৰি কম্পমান কৰাবপৰা মাতৃদেৱীৰ উন্মাদ অৱস্থা! “লক্ষ্মণ হেন” ভায়েকৰ মুহূৰ্ত্ততে মৰুৰ দৰে শুকাই যোৱা প্ৰাণৰ ছাটিফুটি!! সেই দৃশ বৰ্ণাৰপৰা জগতত ভাষা নাই। ইমানতে ইয়াত আঁৰকাপোৰ দিওঁ।
জয়দেৱ কাকুতিত গছৰ পাত সৰিছিল। “প্ৰিয়তম পুত্ৰৰ অকাল-বিয়োগত শোকাতুৰা মাতৃৰ অন্তৰৰ কৰুণ “বিননি”ত সেই দিনা দিচাঙৰ পানীত খলকনি উঠিল। সেই বিননি এদিনৰ নে? নহয়, সি মাতৃ-স্নেহৰ দৰে চিৰন্তন সত্য। তাৰে সুৰ একোটি হৃদয়তন্ত্ৰীত আপুনি বাজি উঠি “বিননি”ত লয় পাইছে। ইহকাল পৰকাল শ্ৰদ্ধাৰে বিশ্বাস কৰি অহা এই গৰাকী মাতৃদেৱীৰ “বিননি”ত যি কেইটি সুৰ বাজি উঠিছে সি মাথোন অফুৰন্ত মাতৃস্নেহৰ একোটা ক্ষীণ-ধ্বনি। পুৱা-গধূলি গোসাঞ ঘৰত সোমাই ইষ্টদেৱতাক তুতি-নতি কৰি পৰমানন্দ-লোকত বাস কৰা, শাস্ত্ৰ-ভাগৱত আলোচনা যাৰ নিত্য নৈমিত্তিক ক্ৰিয়া, নিষ্ঠা সদাচাৰ যাৰ প্ৰতিমুহূৰ্ত্তৰ আচৰণ, ভ্ৰমতো যি পৰৰ গ্লানি গাই এধানো সুখ নেপায়, সেই গৰাকী দেৱী-তুল্যা মাতৃদেৱীৰ প্ৰতি বিধি নিদাৰুণ হল যদিও, সকলো কথা তেওঁতে “সমৰ্পণ” কৰি নিজক নিজেই সান্ত্বনা দিব পৰা আধ্যাত্মিক শক্তি