এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিননি
সেই তৰু সেই লতা
ফুলে ফলে ভৰা
সেই দৰে আছে দেখোঁ ধৰা;
অভাগীৰ বুকু মাথোঁ
কুঠাৰেৰে ছিৰি
সি কেইটিক নিলা হিয়াৰ পৰা।
হিয়াৰ মাজত খেলাই
আনন্দৰ ঢউ
ক্ষন্তেকতে কিয় মাৰ গ’ল?
নিঠুৰ তুমিয়ে মোৰ
সকলো হৰিলা
তোমাৰেই ইচ্ছা পূৰ হ’ল॥
১৯