সমললৈ যাওক

পৃষ্ঠা:বিননি.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তোমাৰেই ইচ্ছা পূৰ হ’ল

কোনে মোৰ ভাষাহীন
অন্তৰৰ মাজত
চিতৰ ডাৱৰত সাঁতোৰে?
বুকুৰ মাজতে থাকে
তেও যেন নাই,
থাকি থাকি চকুপানী পৰে।
কেতিয়াবা সিহঁতৰ
গুণকে বৰ্ণাওঁ,
হিয়া মোৰ কঁপে ঘনে ঘনে;
উত্তৰ নোপোৱা কথাৰ
দুখ সহি সহি,
সিহঁতৰে কথা পাতে মনে।
চঞ্চল শোণিত হয়
কান্দোন ওলায়,
ভেদ কৰি হৃদয়ৰ পৰা;
শুনিছিলোঁ এদিন যাৰ
মৌ-সনা মাত
তাৰ স্মৃতি কেউপিনে ভৰা।

১৮