সমললৈ যাওক

পৃষ্ঠা:বিননি.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰশ পাওঁ

ঘুমটি হৰা মোৰ চকু
শান্তি হৰা মোৰ বুকু
কাক চাব খোজোঁ কাক নো বিচাৰোঁ,
কোনেও নুবুজে একো

থৰ লাগি আকাশ চাওঁ
কাক দেখিবলৈ পাওঁ
বুকু ছিৰি নিয়া বুকুৰ তেজ কিটোপা
আকাশত জিলিকা চাওঁ।

সাৰ-সুৰ কাৰো নাই
অঘোৰ ঘুমটি যায়,
দুৱাৰ ডাং দিলে, চাকিও নুমালে,
মোৰ হে ঘুমটি নাই।

বহি ভাবোঁ আন্ধাৰত
আহিব জানো সিহঁত

১৫