সমললৈ যাওক

পৃষ্ঠা:বিননি.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিননি
 

“ৰাতি মোৰ ‘দীপে’ কৰে আমনি,
ৰান্ধনি তোলে খং কথা নুশুনি।”
সকলো হাঁহি মোক কোৱাঁহি আই,
শুনি ৰং পাওঁ মুখলে চাই।

সোণৰ “প্ৰতিমা” নিলেহি কালে,
দিছাং বুকুত বিসৰ্জ্জন দিলে।
প্ৰাণৰ নন্দিনী নুমলী আই
চকু জুৰাওঁ যাক সঘনে চাই।

সৱাতকৈ সৰু নয়নৰ মণি,
কথাতে কান্দ অতি অভিমানী।
আজি লখিমীক কোনে লগালে?
সিকাৰণে মোক নমতা হ’লে।

অভিমান কৰি ক’লৈনো গলি?
মাৰৰ বুকু যে উদং কৰিলি!
এন্ধাৰ প্ৰাণৰ ‘দীপ’ শিখাটি
তাক নি কৰিলে দিনকে ৰাতি।

“আইদিতা” বুলি কোনে মাতিব?
ল’ৰি আহি মোৰ ডিঙিত ধৰিব!

১০