এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অৰ্পণ
যাৰ দৰশনে মোৰ প্ৰাণত পূৰ্ণিমা হয়,
পৰশনে শীতলায় দেহ,
যাৰ মৌসনা মাত কাণত পৰিলে মোৰ
হিয়াত উথলি উঠে স্নেহ;
যাৰ অদৰ্শনে আজি জগৎ এন্ধাৰ দেখোঁ,
দিন হয় অমাৱস্যা ৰাতি;
যাক হেৰুৱাই আজি হৃদয় শ্মশান হ’ল,
হেৰাল মনৰ সুখ-শাঁতি;
সুৱঁৰি কেউটি সেই পৰাণ পুতলি মোৰ
ৰচোঁ মোৰ বিলাপ শোকৰ;
গুণীজনে নিজগুণে মৰষি সকলো দোষ
দেখুৱাব মহত্ত্ব মনৰ।