এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
তই তুলি দিলি ভাইৰে হাতত
বিজুলী ৰথৰ ভাগ্য চকা;
ভাইকে কৰিলি নিমিত্তৰ ভাগী,—
তোৰেই মায়াতে সকলো ঢকা।
ভাই মোৰ সাৰথি নালাগে নামিব,
ভায়ে আনায়াসে দিচাং তৰাব;
কুহকী নিয়তি মিচিকি হাঁহিৰে
ভাইৰে হাততে ঘূৰালি চকা।
মুখ মেলি আছ পাষাণ-জীয়ৰী,
নোৱাৰিলি তই উলটি ব’ব?
কাক খাবলই জনম ধৰিলি?
জগতত তোৰ খিয়াতি ৰ’ব!
ডুবিলে জোনাই নীল আকাশত,
সোণোৱালী তৰা লুকুৱা মেঘত,
দিচাঙ্গে গিলিলে সোণৰ পুতলা,
নোৱাৰা সহিব, নালাগে চাব।