এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
“পৰাণে বিচাৰে মোৰ হে মৃত্যুসুন্দৰ,
শান্তিময় আলিঙ্গন জুৰুৱা অন্তৰ।
জ্বলিছে হৃদয় মোৰ নেপাওঁ তৰণি,
বুকুত সাৱটি ঢালা মৃত্যু শান্তিয়নী।
নহলে—
“শক্তি দিয়া প্ৰভু মোক হৃদয়ৰ যত দুখ
হাঁহি মুখে উপেক্ষিব পাৰো,
শক্তি দিয়া প্ৰভু মোক তোমাৰ চৰণে শিৰ
দিনে ৰাতি ৰাখিব যেন পাৰো।
শক্তি দিয়া ক্ষুদ্ৰ জনক নকৰো যেন হীন জ্ঞান
বলী জনৰ চৰণে নপৰো;
শক্তি দিয়া তোমাৰ প্ৰভু অভয় চৰণ তলে
সকলো মোৰ সমৰ্পিব পাৰো॥
✷ ✷ ✷
প্ৰাণৰ আৱেগত হিয়া উবুৰিয়াই দিয়া অন্তৰৰ সুকোমল ভাবৰাশিয়েই কবিতাৰূপে প্ৰকাশ পায়। শোকৰ কৰুণ “বিননি”ও কবিতা। আৰু ই মধুৰ।
যোৰহাট ১৪ ফাগুন ১৮৫৮ |