সমললৈ যাওক

পৃষ্ঠা:বিজ্ঞানৰ সিপাৰে.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪—
বিজ্ঞানৰ সিপাৰে
 

 বহুত কাৰণত বিজ্ঞানে এইবোৰ সম্ভৱপৰ কথা বুলি ভাবে। প্ৰথমতে বিজ্ঞানে কয় যে এই জগতৰ সীমা বা পৰিমাণ যেনেকৈ নিৰ্দ্দিষ্ট আছে, সেইদৰেই ইয়াৰ পৰমাণুৰ সংখ্যাও নিৰ্দ্দিষ্ট। এই নিৰ্দ্দিষ্ট পৰমাণুৰ সংখ্যাটো বিজ্ঞানে পৰীক্ষাসিদ্ধ সত্যৰ সহায়েৰে আৰু অঙ্কেৰেও উলিয়াইছে। বৈজ্ঞানিক সকলে কয় যে এই জগতত মোটামুটিকৈ (১০)৭৯ (অৰ্থাৎ ১ ৰ পিঠিত ৭৯ টা শূন্য) বিজুলী-বিন্দু (electrons) আৰু ঠিক সিমান সংখ্যক বিজুলী-কেন্দ্ৰ (protons) আছে। এই সংখ্যাটোক বিজ্ঞানে Cosmical number অৰ্থাৎ মূল সৃষ্টিগত সংখ্যা বোলে। ঢৌ-গণিত (wave mechanics) ভালকৈ নুবুজিলে এই কথাবোৰ বুজিব নোৱাৰি আৰু বিশ্বাস কৰিবও নোৱাৰি। Eddingtonএ এই গণনা কৰি এখন বৃহৎ কিতাপ (The Fundamental Theory) লিখি গৈছিল। সেই কিতাপ এতিয়া তেওঁৰ মৃত্যুৰ পাছত প্ৰকাশ হৈছে। তাত অঙ্কেৰে এই সংখ্যাটো উলিয়াইছে।


 “The total number of protons and electrons in the universe is therefore:—
  n (2)256 . 136”
 (Fundamental Theory P. 283)
পাটীগণিত মতে এই সংখ্যাটোঃ—
১ ৫ ৭ ৪ ৭ ৭ ২ ৪ ১ ৩ ৬ ২ ৭ ৫ ০ ০ ২ ৫ ৭ ৭ ৬ ০ ৫ ৬ ৫ ৩
৯ ৬ ১ ১ ৮ ১ ৫ ৫ ৫ ৪ ০ ৮ ০ ৪ ৪ ৭ ১ ৭ ৯ ১ ৪ ৫ ২ ৭ ১
১ ৬ ৭ ০ ৯ ৩ ৬ ৬ ১ ৩ ১ ৪ ৫ ৫ ৭ ০ ৫ ১ ৮ ৫ ৬ ৩ ১ ০ ৩ ২ ৯ ৬।