complexity of sensory experience—অৰ্থাৎ “জগৎ সত্য,—আগত এটা বস্তু নেথাকিলে যে আমাৰ বস্তু-জ্ঞান নহয়, এইদৰে ভাবি জগতক সত্য বুলিবলৈ হ’লে, বা জগতখন আমি যেনে দেখিছে৷ ঠিক তেনে—এইদৰে ক’বলৈ হ’লে, বিজ্ঞানে আবিষ্কাৰ কৰা বিষয় জ্ঞান সম্পৰ্কে সকলো সত্য অগ্ৰাহ্য কৰিব লাগিব।”
বহুত তৰ্ক-বিতৰ্কৰ পাছত এতিয়া দাৰ্শনিক পণ্ডিতসকলে স্বীকাৰ কৰিছে যে Miss Stebbing, C. E. M. Joad আদি দাৰ্শনিক পণ্ডিত আৰু পণ্ডিতাসকলৰ প্ৰতিবাদ অযথা প্ৰতিবাদ আছিল।
এই বিষয়ে দাৰ্শনিক অধ্যাপক A. D. Ritchieএ অলপতে (১৯৪৮ চনত) এখন বৈজ্ঞানিক মেলত প্ৰকাশ্য ভাবে স্বীকাৰ কৰিলে যেঃ—
For the rest, Miss Stebbing’s attack is mistaken, but her mistake is one which, I confess, I myself shared till recently.
[যি মনস্তত্বৰ বাবে ইউৰোপত এই বাগ যুদ্ধ হৈ গল, সেইটো আমাৰ পুৰণি সাংখ্য দৰ্শনৰ মনস্তত্ব। এই কথাটো আমি বহুত ঠাইত বহুত বাৰ কৈ আহিছো আৰু ইয়াৰ পাছতো আকৌ কেবাবাৰো উল্লেখ কৰিব লাগিব—আমাৰ গীতা ১০৪ পৃঃ আৰু ৩০৮ পৃঃ চাওক।]
এতিয়া তেন্তে ইউৰোপৰ দাৰ্শনিক আৰু বৈজ্ঞানিক সকলো পণ্ডিতে স্বীকাৰ কৰে যে এই জগতত বস্তু বুলিবলৈ একো