ভাবিছো যে ইয়াৰ পাৰ নাই; বিজ্ঞানৰ শক্তিৰ অন্ত নাই। কিন্তু যিসকল বৈজ্ঞানিক অতি দূৰলৈ আগবাঢ়ি যাব পাৰিছে তেওঁবিলাকে বিজ্ঞান সাগৰৰ সিপাৰখন ৰিণিকি ৰিণিকি মনিব পাৰিছে।
Eddingtonএ কৈছিলঃ—
“We are now on the border land of the spiritual and the material worlds as approached from the side of the latter.”
আজিকালি বিজ্ঞান জড়বাদী নহয়। ই আজিকালি আদৰ্শবাদী।
বিজ্ঞানৰ এই অত্যাশ্চৰ্য্য পৰিবৰ্ত্তন একে দিনাই হোৱা নাছিল। পোন প্ৰথমতে, বৰ্ত্তমান শতিকাৰ আদিতে, Einsteinএ এই বিশ্বব্ৰহ্মাণ্ডত কি আছে চাবলৈ, এজন যেন আমীন বা সজাতী পঠিয়াই দিলে। বৈজ্ঞানিক মেলত এই সজাতী জনক Einstein’s observer বুলি মাতে। তেওঁ গোটেইখন বিশ্ব-ব্ৰহ্মাণ্ড পৰিভ্ৰমন কৰি, তন্ন তন্নকৈ বিচাৰি, ক’তো একো নাপাই, ঘূৰি আহি তিনিটি নতুন সম্বাদ দিলে—
(১) জগতত বস্তুৰ আচল স্বৰূপ আমি নেদেখো। ইয়াত দিক্ আৰু কালৰ এনে এটি আচৰিত সম্বন্ধ আছে যে ভিন্ন ভিন্ন ঠাইৰ পৰা নিজ নিজ গতি অনুসাৰে জীবই জগতক ভিন্ন ভিন্ন ৰূপে দেখে। প্ৰত্যেকে ভাবে যে তেওঁৰ দেখাই হে সত্য দেখা আৰু ইবোৰে যদি আন ভাৱে দেখিছে তেন্তে সিহঁতৰ ভ্ৰম। এই জগতত আচল সত্য (absolute reality)