সমললৈ যাওক

পৃষ্ঠা:বিজ্ঞানৰ সিপাৰে.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২—
বিজ্ঞানৰ সিপাৰে
 

 যোৱা শতিকাৰ শেহলৈকে মানুহে ভাবিছিল আৰু বিশ্বাস কৰিছিল যে বিজ্ঞানে আবিষ্কাৰ কৰা নৈসগিক নিয়মবোৰ জানিলেই মানুহ সৰ্ব্বজ্ঞ আৰু সৰ্ব্বকাৰ্য্যক্ষম হ’ব। জগদ্বিখ্যাত পণ্ডিত Laplaceএ কৈছিলঃ—

 “An intelligence, who for a given instant should be acquainted with all the forces by which Nature is animated and with the several positions of the entities composing it, if further his intellect were vast enough to submit those data to analysis, would include in one and the same formula the movements of the largest bodies in the universe and those of the lightest atom. Nothing would be uncertain for him, the future as well as the past would be present to his eyes. The human mind in the perfection it has been able to give to astronomy affords a feeble outline of such an intelligence ... All its efforts in search for truth tend to approximate without limit to the intelligence we have just imagined.”

 তাহানি আমেৰিকা আবিষ্কাৰ কৰিবলৈ গৈ, মাজ সাগৰত পৰি, কলম্বচে এদিন ভাবিছিল যে আটলান্টিক মহাসাগৰৰ অন্ত নাই। পাছত গৈ গৈ হে পাৰ দেখিলে। ঠিক সেই দৰেই আমিও এতিয়া বিজ্ঞান মহাসাগৰৰ মাজত পৰি