পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 


 সৌৰজগতৰ অষ্টম গ্ৰহ হ'ল নেপচুন। সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব ৪৪৯৩ নিযুত কিলোমিটাৰ আৰু ইয়াৰ ব্যাস ৪৮,৪০০ কিলোমিটাৰ। ইয়াৰ ৮টা উপগ্ৰহ আছে।

 সৌৰজগতৰ নৱম গ্ৰহ প্লুটো হ'ল আটাইতকৈ সৰু গ্ৰহ। ইয়াৰ ব্যাস ২২০০ কিলোমিটাৰ আৰু ই সূৰ্যৰ পৰা ৫৮৯৮ নিযুত কিলোমিটাৰ দূৰত্বত অৱস্থিত। সূৰ্যক প্ৰদক্ষিণ কৰোতে সময় লয় ২৪৭.৭ বছৰ। ইয়াৰ একমাত্ৰ উপগ্ৰহ ছাৰণ।

 আমাৰ পৃথিৱীখন সৌৰজগতৰ নটা গ্ৰহৰ এটা আৰু ই সূৰ্যৰ লগতে মহাকাশত ঘূৰি থাকে। ইয়াৰ ব্যাস ১২,৭৫৬ কিলোমিটাৰ। ই সূৰ্যৰ পৰা ১৫৮ নিযুত কিলোমিটাৰ দূৰত অৱস্থিত আৰু ই সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰিবলৈ সময় লয় ৩৬৫ দিন। আকাৰৰ ফালৰ পৰা ই সৌৰজগতৰ পঞ্চম বৃহৎ গ্ৰহ। পৃথিৱীয়েই সৌৰজগতৰ একমাত্ৰ গ্ৰহ য'ত জীৱ আছে। ইয়াত থকা বায়ু আৰু পানীৰ বাবেই এয়া সম্ভৱ হৈছে।

 আজিৰ পৰা প্ৰায় ৪,৬০০ নিযুত বছৰৰ আগতে পৃথিৱীৰ সৃষ্টি হৈছে বুলি ধাৰণা কৰা হৈছে। সৃষ্টিৰ সময়ৰে পৰা হৈ থকা বিৱৰ্তনৰ ফলত পৃথিৱীয়ে আজিৰ ৰূপ পাইছেহি। পৃথিৱীৰ উপৰিভাগ ৫,১০,১০০,৫০০ বৰ্গ কিলোমিটাৰ। ইয়াৰে ১৪৮,৯৫০,৪০০ বৰ্গকিলোমিটাৰ স্থলভাগে আৰু ৩৬১,১৪৯,৭০০ বৰ্গ কিলোমিটাৰ জলভাগে আগুৰি আছে। পৃথিৱীৰ স্থলভাগ সাতখন মহাদেশ আৰু জলভাগ পাঁচখন মহাসাগৰেৰে গঠিত।

 পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ হ’ল চন্দ্ৰ আৰু ইয়াৰ আকাৰ পৃথিৱীৰ প্ৰায় ১/৪ অংশ। চন্দ্ৰৰ মধ্যাকৰ্ষনিক শক্তি পৃথিৱীৰ প্ৰায় ১/৬ অংশ আৰু সেয়ে পৃথিৱীত থকা যিকোনো বস্তুৰে ওজন চন্দ্ৰত ছগুণ কমি যায়। চন্দ্ৰই নিজ কক্ষপথত থাকি পৃথিৱীক প্ৰদক্ষিণ কৰিবলৈ আৰু নিজ মেৰুদণ্ডত আৱৰ্তন কৰিবলৈ প্ৰায় একে সমান সময় লয়। ই পৃথিৱীক প্ৰদক্ষিণ কৰিবলৈ সময় লয় ২৭ দিন ৭ ঘণ্টা ৪৩.২৫ মিনিট।

 আমাৰ এই সৌৰজগত আৰু পৃথিৱী বিভিন্ন বিস্ময়কৰ বাতৰিৰ আকৰ। তেনে কেইটিমান বিচিত্ৰ বিস্ময়কৰ বতৰা এই অধ্যায়ত সামৰিবলৈ প্ৰয়াস কৰা হৈছে।