পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১২,৩০০ কিলোমিটাৰ। সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব ১০৮ কোটি কিলোমিটাৰ। ই সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰিবলৈ মুঠ সময় লয় ২২৬ দিন। সৌৰজগতৰ সকলো গ্রহেই পশ্চিমৰ পৰা পূবলৈ ঘূৰে; কিন্তু শুক্ৰ ইয়াৰ ব্যতিক্রম। আকাৰত পৃথিৱীৰ সমানেই ডাঙৰ এই গ্রহে অতি লাহে লাহে পূবৰ পৰা পশ্চিমলৈহে ঘূৰে। এই গ্ৰহৰ আন এটি বিশেষত্ব হ'ল, ইয়াৰ কক্ষপথ উপবৃত্তাকাৰ নহয়, বৰঞ্চ বৃত্তাকাৰহে।

শনি


 মঙল সৌৰজগতৰ চতুৰ্থ গ্রহ। ইয়াৰ ব্যাস ৬৭,৫৫২ কিলোমিটাৰ। সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব ২২৫.৬ নিযুত কিলোমিটাৰ। ৬৮৭ দিনত ই সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰে। ইয়াৰ দুটা উপগ্রহ আছেঃ ডিমছ আৰু ফ’বছ। মঙল গ্ৰহক ৰক্তিম গ্রহ (Red Planet) বুলিও জনা যায়। কাৰণ ই ৰঙচুৱা ধূলিৰে পৰিপূৰ্ণ আৰু ঘণ্টাত ১০০ কিলোমিটাৰ বেগত বলা বতাহে ইয়াত প্ৰায়ে ধূলিৰ ধুমুহাৰ সৃষ্টি কৰে, যাৰ বাবে ইয়াক তীব্ৰ ৰঙাকৈ দেখা পোৱা যায়। এনে ধুমুহা সূৰ্যৰ ওচৰ চপাৰ সময়ত দেখা যায়।

 বৃহস্পতি হ'ল সৌৰজগতৰ বৃহত্তম গ্রহ। ইয়াৰ ব্যাস ১,৪১,৯৬৮ কিলোমিটাৰ আৰু ই সূৰ্যৰ পৰা ৭৭২.৮ নিযুত কিলোমিটাৰ গড় দূৰত্বত অৱস্থিত। ১২ বছৰৰ মূৰত ই সূৰ্যৰ চাৰিওফালে এবাৰ পৰিভ্ৰমণ কৰে। ইয়াৰ ১৬টা উপগ্রহ আছে।

 সৌৰজগতৰ আটাইতকৈ ধুনীয়া গ্ৰহ হ’ল শনি। ইয়াৰ ব্যাস ১১৯,২৯৬ কিলোমিটাৰ৷ ইয়াৰ চাৰিওফালে থকা ঘূৰণীয়া বলয়বোৰ বৰফ আৰু শিলেৰে গঠিত। ই সূৰ্যৰ পৰা ১৪১৭.৬ নিযুত কিলোমিটাৰ দূৰত্বত অৱস্থিত। সূৰ্যৰ চাৰিওফালে প্রদক্ষিণ কৰিবলৈ ই ২৯.৫ বছৰ লয়। ইয়াৰ ১৯টা উপগ্রহ আছে।

 ইউৰেনাছ হ’ল সৌৰজগতৰ সপ্তম গ্রহ। ইয়াৰ ব্যাস ৫২,০৯৬ কিলোমিটাৰ। সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব ২,৮৫২.৮ নিযুত কিলোমিটাৰ আৰু ই ৮৪ বছৰৰ মূৰত এবাৰ সূৰ্যক প্রদক্ষিণ কৰে। ইয়াৰ ১৫টা উপগ্রহ আছে। ভয়েজাৰ-২ মহাকাশযানে ইয়াৰ চাৰিওফালে ৯টা বলয় ধৰা পেলায়।