পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অন্তৰ্ভাগত থকা অতি গভীৰ চাপ বিশিষ্ট হাইড্ৰজেনৰ বাবে অফুৰন্ত নিউক্লিয় শক্তিৰ উৎপন্ন হয়। যদিও সূৰ্যটো অতি পাতল গেছেৰে পৰিপূৰ্ণ, তথাপি ই পৃথিৱীতকৈ ৩০,০০০০ গুণে গধুৰ। কিন্তু সূৰ্যটো কেৱল হাইড্ৰ'জেন আৰু হিলিয়ামৰে পৰিপূৰ্ণ এক অগ্নিপিণ্ডই নহয়, যথেষ্ট পৰিমাণে উদ্ভৱ হোৱা বিদ্যুতৰ সোঁতৰ ফলত ইয়াত কিছু চুম্বকীয় ক্ষেত্ৰও আছে, যিবিলাক ক’লা দাগ হিচাপে পৰিলক্ষিত হয়। হেনৰিক স্বচয়েব নামৰ জাৰ্মান বিজ্ঞানী এজন পোন প্ৰথমে এই দাগসমূহৰ প্ৰতি আকৃষ্ট হয়। পিছত এইবিলাককে সৌৰ কলংক বুলি অভিহিত কৰা হয়। সূৰ্যৰ ব্যাস ১৩,৯২,০০০ কিলোমিটাৰ। ইয়াৰ অন্তৰ্ভাগৰ উত্তাপ ১৪ নিযুত ডিগ্ৰী ছেলছিয়াছ আৰু উপৰিভাগৰ উত্তাপ ৬০০০ ডিগ্ৰী ছেলছিয়াছ।

 সৌৰজগতৰ গ্ৰহবোৰক দুটা ভাগত ভাগ কৰা হৈছে। বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল, – এই চাৰিটা গ্ৰহক আভ্যন্তৰীণ গ্ৰহ বুলি কোৱা হয়। আভ্যন্তৰীণ গ্ৰহবোৰৰ ভিতৰত পৃথিৱী আটাইতকৈ ডাঙৰ। এই গ্ৰহবোৰৰ বিশেষত্ব হ’ল, ইহঁত ওচৰা-ওচৰিকৈ অৱস্থিত আৰু আটাইকেইটা শিল-মাটিৰ দৰে টান পদাৰ্থৰে গঠিত। বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন, প্লুটো –এই গ্ৰহকেইটাক বাহ্যিক গ্ৰহ বুলি কোৱা হয়। এই গ্ৰহকেইটা সাধাৰণতে গেছ আৰু বৰফেৰে গঠিত। গ্ৰহবোৰে নিজ মেৰুদণ্ডত আৱৰ্তন কৰাৰ লগে লগে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে।

 সৌৰজগতৰ আটাইতকৈ নিকটতম আৰু প্ৰথম গ্ৰহটো হ'ল বুধ। ইয়াৰ ব্যাস প্ৰায় ৪৮৪০ কিলোমিটাৰ। ই ৮৮ দিনত সূৰ্যৰ চাৰিওফালে এবাৰ প্ৰদক্ষিণ কৰে। সূৰ্যৰ পৰা ই ৫৭.৬ নিযুত কিলোমিটাৰ দূৰত্বত অৱস্থিত।

 সৌৰজগতৰ দ্বিতীয় গ্ৰহ শুক্ৰ হ’ল অতিশয় উজ্জ্বল গ্ৰহ। এই গ্ৰহক পুৱতি আৰু সন্ধ্যাৰ তৰা (Morning and Evening Star) বুলিও কোৱা হয়। ইয়াৰ ব্যাস প্ৰায়