এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৌৰজগত
আৰু পৃথিৱীৰ
বিচিত্ৰ বতৰা
সূৰ্য আৰু তাৰ চাৰিওফালে প্ৰদক্ষিণ কৰি
থকা নটা গ্ৰহ (বুধ, শুক্ৰ, পৃথিৱী, মঙল,
বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন, প্লুটো),
সিহঁতৰ উপগ্ৰহসমূহ আৰু সিবিলাকৰ মাজত
অৱস্থান কৰি থকা অসংখ্য গ্ৰহাণুৰ সমষ্টিয়ে
সৌৰজগত। মহাকাশ বিজ্ঞানীসকলে বিশ্বাস
কৰে যে সৌৰজগতকে প্ৰমুখ্য কৰি সমগ্ৰ
বিশ্বহ্মাণ্ড সৃষ্টিৰ আৰম্ভণিতে এক
বিৰাট শূন্যহেআছিল। শূন্যৰ
পৰা বিশ্ব সৃষ্টিৰ ধাৰণা উদ্ভটআৰু অবিশ্বাস্য
যেন লাগিলেও বিজ্ঞানীসকলে ইয়াৰ সপক্ষে
দৃঢ়তাৰে মত আগবঢ়াইছে।
সূৰ্য সৌৰজগতৰ কেন্দ্ৰ। ইয়াক কেন্দ্ৰ
কৰিয়েই নটা গ্ৰহ আৰু সিহঁতৰ উপগ্ৰহসমূহে
অবিৰাম প্ৰদক্ষিণ কৰিব লাগিছে। সূৰ্যটো শতকৰা
৭৫ ভাগ হাইড্ৰজেন আৰু বাকী ২৫ ভাগ হিলিয়াম, অক্সিজেন, কাৰ্বন, নিয়ন, নাইট্ৰ'জেন আদিৰে পৰিপূৰ্ণ। সূৰ্যৰ
প্লুটো সূৰ্য্য
বুধ
মঙল
শুক্ৰ
পৃথিৱী
নেপচুন
উৰেনাচ শনি বৃহস্পতি