পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা মানুহে বিভিন্ন স্তৰত, বিভিন্ন পৰিৱেশত বিজ্ঞানৰ লগত জ্ঞাতে-অজ্ঞাতে পৰিচিত হৈ আহিছে৷ সত্যৰ সন্ধানত ব্ৰতী মানুহে বিভিন্ন প্ৰয়োজন আৰু পৰিস্থিতিৰ তাগিদাত যিদৰে আধুনিক বিজ্ঞান সমৃদ্ধ কৰি তুলিছে, তেনেদৰে জ্ঞানান্বেষী মানুহে উদ্ধাৰ কৰিছে বৈচিত্ৰময় প্ৰকৃতিৰ বিভিন্ন বিচিত্ৰ সংবাদ৷ এই বাতৰিবোৰে এহাতে যেনেকৈ বিস্ময়কৰ, তেনেকৈ কৌতূহলীসকলৰ বাবে উপযোগী আৰু প্ৰয়োজনীয় তথ্যৰ সমল৷ প্ৰায় ডেৰ শতাধিক বিচিত্ৰ বাতৰিৰ সংযোজনেৰে বিজ্ঞানৰ বিশাল বৰ্ণাঢ্য বিচিত্ৰ জগতখনৰ এটি চমু আভাস এই পুথিত দিবলৈ প্ৰয়াস কৰা হৈছে৷ পুথিখনিত সন্নিৱিষ্ট বিষয়সমূহৰ সম্যক জ্ঞান দিয়াৰ উদ্দেশ্যেৰে প্ৰতিটো অধ্যায়ৰ লগতে একোটি পৰিচয়জ্ঞাপক অধ্যায়ো সংযোগ কৰা হৈছে৷ থূপতে গোটাই থোৱা এই বাতৰিবোৰৰ পৰা উঠি অহা কিশোৰ-কিশোৰীসকল উপকৃত হ'ব বুলি আশা কৰিব পাৰি৷

পুথিখনিৰ ৰচয়িতা প্ৰীতিমা কৌশিক বৰুৱাৰ ৰচনা ইতিমধ্যে অসমৰ বিভিন্ন কাকত-আলোচনীত প্ৰকাশ হৈছে৷ পুথি হিচাপে লেখিকাৰ এয়া প্ৰথম প্ৰয়াস৷