■সম্প্ৰতি এনে হাতঘড়ীও নিৰ্মাণ হৈছে, য'ত বহু ব্যক্তিগত বা ব্যৱসায়িক তথ্য ভৰাই থ'ব পাৰি। এনে ঘড়ীত ব্যক্তিগত কম্পিউটাৰৰ (Personal Computer) দৰেই ফোন নম্বৰ, মানুহ লগ পোৱা বা লগ কৰা সম্পৰ্কীয় তথ্য বা আন তথ্য ভৰাই থৈ প্ৰয়োজন অনুসৰি বুটাম টিপি সেই তথ্য ব্যৱহাৰ কৰিব পাৰি৷
■ সম্প্ৰতি ইংলেণ্ডৰ ‘গ্ৰুপ লটাছ’ কোম্পানীয়ে ইঞ্জিনৰ শব্দ নোহোৱা এখন গাড়ী সাজি উলিয়াইছে। গাড়ীৰ ইঞ্জিনৰ শব্দ নোহোৱা কৰিবৰ বাবে গাড়ীৰ হুদৰ তলত এটা ইলেকট্ৰিক সংবেদক লগোৱা থাকে আৰু কপিটত এটা মাইক্ৰ'ফোন লগোৱা থাকে। ইয়াৰ সহায়ত ইঞ্জিনৰ শব্দ জোখা হয়। তাৰ পিছত এটা কম্পিউটাৰে এই শব্দ তৰংগৰ লেখ আঁকে আৰু এক বিপৰীতধৰ্মী তৰঙ্গ গঠন কৰি তাক গাড়ীৰ ষ্টিৰিঅ'ৰ দৰে বজায়। ফলত শব্দৰ কম্পন আৰু ষ্টিৰিঅ'ৰ প্ৰতিকম্পনৰ ফলত এক শব্দবিহীন ইঞ্জিনৰ সৃষ্টি হয়।
■ মিছৰৰ এজন স্নায়ু বিশেষজ্ঞই এনে এটি ঔষধ আৱিষ্কাৰ কৰিছে, যাৰ দ্বাৰা মানুহৰ মানসিক অনুভূতিৰ আমূল পৰিৱৰ্তন ঘটিব। বিশেষজ্ঞগৰাকীৰ মতে মানুহৰ বিভিন্ন ধৰণৰ সম্পৰ্কৰ্ক বিভিন্ন ধৰণৰ অণুৰ ক্ৰিয়া প্ৰক্ৰিয়াই প্ৰভাৱিত কৰে। অৰ্থাৎ, মানুহৰ আন্তঃসম্পৰ্ক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই অণুৰ প্ৰভাৱ খটুৱাই সেইবোৰ ব্যৱহাৰ কৰা সম্ভৱ হ'ব পাৰে। আমাৰ সাধাৰণ টেবলেট এটাৰ আকাৰৰ এই ঔষধ এতিয়াও বজাৰলৈ অহা নাই যদিও এনে ঔষধ বজাৰলৈ আহিলে, এদিন হয়তো ইয়াৰ ওপৰতেই মানুহৰ হিংসা, দ্বেষ, প্ৰেম-প্ৰীতি আদিবোৰৰ প্ৰাবল্য নিৰ্ভৰ কৰিব।
■ ব্ৰাজিলৰ প্ৰায় ৪ নিযুত মটৰ গাড়ীয়ে পেট্ৰ'লৰ সলনি কুঁহিয়াৰৰ পৰা উৎপাদিত গেছ’হল (Gasuhol) ব্যৱহাৰ কৰে।
■ সম্প্ৰতি অষ্ট্ৰিয়াৰ এখন সমবায় পামে বেলিফুলৰত পৰা ‘ডিজেল’ প্ৰস্তুত কৰিবলৈ লৈছে। বেলিফুলৰ পৰা পোৱা মিথানলৰ পৰা ‘ডিজেল’ প্ৰস্তুত কৰা হয়; ই প্ৰদূষণো নকৰে৷