পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ বিচিত্ৰ বতৰা
 

■ জাপানৰ ‘ছেকিছুই হাউছ' নামৰ এই গৃহনিৰ্মাণ সংস্থাই ঘৰ সজাৰ প্ৰচলিত নিয়মৰ পৰা আঁতৰি এক বিশেষ ধৰণে ঘৰ সাজিবলৈ লৈছে। এওঁলোকৰ মতে প্ৰথমে ওপৰ মহলা তাৰ পিছত তলৰ মহলা সজা হয়। এই ধৰণৰ ঘৰৰ প্ৰথমে ছাদ বা ছালখন সজা হয়। বনুৱাসকলে মাটিতে ছাদসহ ওপৰ মহলা সাজি উলিয়ায়। তাৰ পিছত ‘হাইড্ৰ'লিক জেক'ৰ সহায়ত গোটেই ঘৰটো ওপৰলৈ তুলি দিয়া হয়। অৱশ্যে এই ঘৰৰ ছাদ কংক্ৰিটৰ নহয়, জাপানৰ ভূমিকম্পৰ স’তে খাপ খাব পৰা এক বিশেষ ধৰণৰ ছাদহে সজা হয়।

■ আমেৰিকাৰ মণ্টাগু কৰ্পৰেছনে এখন চাইকেল সাজি উলিয়াইছে যিখন, ভ্ৰমণৰ সময়ত এটা বাকচত ভৰাই লৈ যাব পাৰি। তিনিভাঁজ কৰি বাকচত লৈ যাব পৰা এই চাইকেলখন জোৰা লগাই দিলে আঠফুট দীঘল হয়। ইয়াত দুযোৰ পেডেল আৰু দুটা ছিট আছে। ফলত দুজন মানুহে এই চাইকেল চলাব পাৰে। তিনিভাঁজ কৰি দিয়াৰ পিছত ই ইংৰাজী ‘‘Z’ আখৰটোৰ আকৃতি লয় আৰু ইয়াক তিনিফুট দীঘল, তিনিফুট বহল আৰু এফুট ওখ বাকচত ভৰাই লৈ যাব পাৰি।

■ সম্প্ৰতি ৰাছিয়াৰ বৈজ্ঞানিকসকলে পৰমাণু ক্ষেপণাস্ত্ৰ উৎক্ষেপণৰ সময় নিৰ্ধাৰণৰ বাবে এক স্বয়ংক্ৰিয় ঘড়ী সাজি উলিয়াইছে। এই ঘড়ী ৫০০ বছৰলৈকে চলি থাকিব বুলি উদ্ভাৱকসকলে দাবী কৰিছে।