পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 

মাৰেহি, তেতিয়া তৎক্ষণাৎ পৃথিৱীৰ প্ৰাণীকূল নিঃশ্চিহ্ন হৈ যাব। পৃথিৱী হয়তো বাছি থাকিব। কিন্তু এই ঘটনাটো কেনেদৰে ঘটিছিল সেই কথা ক'বলৈ বা শুনিবলৈ কোনো নাথাকিব। কিয়নো গ্ৰহখণ্ডৰ সেই খুন্দাৰ ফলত যি ধূলি-ধোঁৱাৰ সৃষ্টি হ’ব সি সমগ্ৰ পৃথিৱীখনকেই বহুদিন ধৰি আচ্ছন্ন কৰি ৰাখিব। সূৰ্যৰ তাপ আৰু পোহৰ অহা বন্ধ হ’ব, অৰ্থাৎ প্ৰাণৰ চিহ্ন শেষ হ’ব। এনে অৱস্থাৰ সম্ভাৱনা যদি কেতিয়াবা দেখা যায় তেতিয়া কি হ’ব? বিজ্ঞানীসকলে কৰা পৰিকল্পনা মতে, এনে হ'লে পৃথিৱীৰ পৰাই বিশেষভাৱে নিৰ্মিত যন্ত্ৰৰ সহায়ত সেই গ্ৰহখণ্ডক আঘাত কৰি তাৰ গতিপথ সলনি কৰি দিয়া হ'ব নাইবা মহাশূন্যতেই তাক টুকুৰা-টুকুৰ কৰি পেলোৱা হ'ব।

■ সাধাৰণতে দামীয়েই হওক সস্তীয়াই হওক যিকোনো কলমৰ সহায়ত বহু সময় ধৰি লিখি থাকিলে হাতৰ আঙুলি টনটনায়, কেতিয়াবা ওখহি যায়। এনে অসুবিধাৰ পৰা সকাহ পাবৰ বাবে এক বিশেষ ধৰণৰ কলম আৱিষ্কাৰ হৈছে। সাধাৰণ কলমৰ দৰেই, কিন্তু এই কলমৰ হাতেৰে ধৰাৰ ওচৰত এটা সৰু ডাম্বেল লগোৱা। ইয়াৰ ফলত এই কলমেৰে লিখিলে আঙুলিত চাপ কম পৰে আৰু বহু সময় ধৰি লিখিলেও সহজে ক্লান্ত নহয়।

■ ‘ইকনোলাডী’ নামে এটি সংস্থাই ছবিবিহীন এটা যন্ত্ৰ সাজি উলিয়াইছে। এই যন্ত্ৰটিত টি ভি ষ্টেছনৰ পৰা প্ৰচাৰিত শব্দ আৰু ধ্বনি ধৰি ৰখা হয়। ইয়াৰ নাম টেলিমেট আৰু ই বেটাৰীৰ দ্বাৰা চালিত হয়। ফুৰিবলৈ যাওঁতে বা আন কোনো কাম কৰি থকাৰ সময়ত, টিভি কেন্দ্ৰযোগে প্ৰচাৰিত কোনো প্ৰিয় শিল্পীৰ গান

শুনাৰ ইচ্ছা হ’লে, পকেট ট্ৰেনজিষ্টৰৰ। এই যন্ত্ৰটি উলিয়াই ল’লেই হ’ল।


৩৮