পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মানৱ শৰীৰৰ বিচিত্ৰ বতৰা
 

■ ষাঠি বছৰমান বয়সত মানুহৰ উচ্চতা প্ৰায় ১.৩ ছেণ্টিমিটাৰ কমি যায়। বয়স বঢ়াৰ লগে লগে মানুহৰ মগজুৰ ওজনো প্ৰায় ১৫০ গ্ৰাম কমি আহে। নব্বৈ বছৰমান বয়সত মানুহৰ শৰীৰৰ ওজন ১৩ কিলোগ্ৰামমান কমি যায়। মানুহ এজনে কুৰি বছৰ বয়সত যিমান বায়ু উশাহত গ্ৰহণ কৰিব পাৰে, ৭৫ বছৰ বয়সত তাৰ আধাখিনি বায়ুহে উশাহত ল'ব পাৰে।

■ তেজৰ অলাগতিয়াল পদাৰ্থ চেকিবৰ বাবে মানুহৰ দুই বৃক্কত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ নলীকাবোৰ এডালৰ পিছত এডাল যোগ কৰিলে তাৰ দীঘ হ’ব প্ৰায় ৬৪ কিলোমিটাৰ।

■ মানুহৰ শৰীৰৰ মুঠ তাপৰ প্ৰায় ৮০ শতাংশ মূৰেদি বাহিৰ হৈ যায়।

■ এজন পূৰ্ণবয়স্ক মানুহৰ ছালৰ ওজন প্ৰায় ২.৭২ কিলোগ্ৰাম।

■ মানুহৰ দেহৰ আটাইবোৰ শিৰা-উপশিৰা লগ লগালে প্ৰায় ৯৬ হেজাৰ কিলোমিটাৰ দীঘল হ'ব।

২৯