পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 

থাকে। মানুহৰ দেহত অতি কম পৰিমাণে সোণো থাকিব পাৰে বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে। বিজ্ঞানীসকলৰ মতে মানৱ দেহত থকা বিভিন্ন মৌলিক পদাৰ্থৰ পৰিমাণ এনে ধৰণৰঃ
(মানুহৰ ওজন ১০০ কিলোগ্রাম বুলি ধৰা হৈছে)

অক্সিজেন :
হাইড্ৰ'জেন :
কেলছিয়াম :
কাৰ্বন :
নাইট্ৰ'জেন :
গন্ধক :
পটাছিয়াম :
ফছফৰাছ :
ছ'ডিয়াম :
ক্ল'ৰিণ :
মেগনেছিয়াম :
লো :
আয়'ডিন :
অন্যান্য :

 

৬৩ কিলোগ্ৰাম
৯ কিলোগ্ৰাম
১ কিলোগ্ৰাম
১৯ কিলোগ্ৰাম
৫ কিলোগ্ৰাম
৬৪০ গ্ৰাম
২২০ গ্ৰাম
৭০০ গ্ৰাম
২৪০ গ্ৰাম
১৮০ গ্ৰাম
৪০ গ্ৰাম
৩ গ্ৰাম
০.০৩ গ্ৰাম
.৩১৭ গ্ৰাম

■ জীয়াই থাকিবলৈ গড় হিচাপে এজন প্রাপ্তবয়স্ক মানুহক দিনে প্রায় ১৪ কিলোগ্রাম বায়ু, ১.৫ কিলোগ্রাম আহাৰ আৰু ২.২৫ লিটাৰ পানী লাগে। এজন সুস্থ মানুহে আহাৰ নোখোৱাকৈ ৫ সপ্তাহ আৰু পানী নোখোৱাকৈ ৫ দিন জীয়াই থাকিব পাৰে ; কিন্তু বায়ু অবিহনে মানুহ ৫ মিনিটমানহে বাছি থাকিব পাৰিব।

■ সাধাৰণতে মানুহৰ মগজু বা মস্তিষ্কৰ ওজন ১৪০০ গ্রাম বা দেহৰ মুঠ ওজনৰ শতকৰা মাত্র দুই ভাগ। ইয়াৰ কোষৰ সংখ্যা প্রায় ১৪০০ কোটি। বিশ লাখ বছৰৰ আগৰ মানুহৰ মস্তিষ্ক কোষৰ সংখ্যা আজিৰ দিনৰ মানুহতকৈ ৭২০ কোটি কম আছিল। এই তথ্যমতে প্রতিদিনে মানুহৰ মস্তিষ্কত দহটাকৈ নতুন কোষৰ বৃদ্ধি হয়।

■ পৃথিৱীত আটাইতকৈ বেছি মানুহৰ মৃত্যু হয় শ্বসন প্ৰণালীৰ সংক্ৰমণত (Acute Respiratory Infection)৷ টি বি, মেলেৰিয়া আদিও অৱশ্যে অসংখ্য মানুহৰ মৃত্যুৰ কাৰণ৷

২৮