পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

■ প্ৰায় ৬৫ কিলোগ্ৰাম ওজনৰ মানুহ এজনৰ দেহত থকা চৰ্বিজাতীয় পদাৰ্থৰ পৰা প্ৰায় সাতডোখৰ চাবোন তৈয়াৰ কৰিব পৰা যাব। দেহত থকা কাৰ্বনেৰে প্ৰায় ৯০০০ ডাল পেন্সিল আৰু ফছফৰাছেৰে ২,২০০ ডাল জুইশলা কাঠিৰ খাৰ লগোৱা মূৰ তৈয়াৰ কৰিব পৰা যাব। মানৱ দেহত থকা লোৰে এটা ২-৫ ছেণ্টিমিটাৰ দীঘল গজাল সাজিব পৰা যাব। আনহাতে দেহস্থ বিজুলী শক্তিৰে এটা ২৫ ৱাট ক্ষমতাৰ বাল্ব কেইমিনিটমান সময় জ্বলাব পৰা যাব।

■ দক্ষিণ গোলাৰ্ধৰ এজন মানুহে তেওঁৰ ৭০ বছৰীয়া জীৱন কালত ৭০ৰ পৰা ১৫০ টন ঘাম ত্যাগ কৰে। এই পানীৰে তিনিটা ডাঙৰ ডাঙৰ ৰেলৰ ডবা ভৰ্তি কৰিব পৰা যাব।

■ মানুহৰ দেহ ঘাইকৈ অক্সিজেন, কাৰ্বন, নাইট্ৰজেন আৰু হাইড্ৰ'জেনৰ দ্বাৰা গঠিত। মানৱ দেহত তাম, মেঙ্গানিজ, ফ্ল'ৰিণ আৰু ব্ৰ’মিনো অতি কম পৰিমাণে

২৭