পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 


■ তৰামাছ এবিধ অদ্ভুত জীৱ। যদি এটা তামাছ কাটি ডোখৰ ডোখৰ কৰা হয়, তেন্তে প্ৰতি ডোখৰেই লাহে লাহে এটা পূৰ্ণাঙ্গ তামাছত পৰিণত হয়।

■ দুই-এবিধ ব্যতিক্ৰমী চৰাইৰ বাহিৰে বাকীবোৰ চৰায়ে মাটিত থকা সময়ছোৱাত নামাতে। চৰায়ে কলকলায় বা ‘গান’ গাই মাটিৰ পৰা কিছু ওপৰত বহি বা উৰি থকা অৱস্থাত।

■ কিছুমান মাছে নিজৰ দেহত বিজুলী শক্তি উৎপাদন কৰিব পাৰে। পৃথিৱীত ২৫০ বিধমান এনে বৈদ্যুতিক মাছ আছে। ইয়াৰে এবিধৰ নাম হ’ল ঈল মাছ। উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ নদীত থকা এইবিধ মাছ দীঘলে প্ৰায় তিনি মিটাৰ আৰু ইয়াৰে ওজন ২০-৩০ কিলোগ্ৰাম। ১০,০০০ টা ঈলমাছ একেলগে ৰাখিলে যি পৰিমাণৰ বিজুলী শক্তি গোট খাব, তাৰ দ্বাৰা এখন বৈদ্যুতিক ৰেলগাড়ী ১০ মিনিট সময় ধৰি চলাব পৰা যাব। এইবিধ মাছে বৈদ্যুতিক শ্বক দি মানুহকো অচেতন কৰিব পাৰে।

২২