পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জীৱ জগতৰ বিচিত্ৰ বতৰা
 


■ শঙ্খচূড় (King Cobra) নামৰ এবিধ সাপে কণী পাৰিবৰ বাবে চৰাইৰ দৰে বাহ সাজি লয়। ইহঁতে গছৰ সৰু সৰু ঠাৰি, পাত আদিৰ সহায়েৰে বাঁহ সাজে। স্বভাৱতে ভয়াতুৰ এই প্ৰকাণ্ড (১০-১২ ফুট পৰ্যন্ত দীঘল) সাপ বিধৰ প্ৰধান খাদ্য হ'ল সাপ।

■ ফ্ৰেক্সিনেলা গেছ-প্লেণ্ট (Fraxinella Gas Plant) নামৰ গছবিধ বতৰ বেছি গৰম হ'লে জ্বলি উঠে। ফুল ফুলা অৱস্থাত ফুলৰ ঠাৰীবোৰত থকা অসংখ্য তেল-গ্ৰন্থিৰ পৰা বাষ্প ওলাই থাকে। সেই বাষ্পত জুই লাগিলেই উজ্জ্বল নীলা শিখাৰ সৃষ্টি হয়। বায়ুমণ্ডলৰ উষ্ণতা বাঢ়িলে নাইবা এটা জ্বলন্ত জুইশলা কাঠি ওচৰলৈ নিলেই গছজোপাত জুই জ্বলি উঠে।

■ পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী নীলা তিমিৰ (Blue Whale) জন্মৰ সময়তেই ওজন প্ৰায় সাত টন হয়। পূৰ্ণ অৱস্থাত ইয়াৰ ওজন হয়গৈ প্ৰায় ১৫৬ টন আৰু দীঘ হয়গৈ প্ৰায় ৩০ মিটাৰ। ইহঁতৰ জিভাখনৰ ওজনেই প্ৰায় ৩৫০ কিলোগ্ৰাম আৰু হৃদপিণ্ডটোৰ ওজন প্ৰায় ৫৫ কিলোগ্ৰাম! তিমি’প্ৰকৃততে স্তন্যপায়ী প্ৰাণী যদিও সাগৰত থাকে কাৰণে বহুতে ইয়াক মাছ বুলি ভাবে। ইহঁতৰ বহুতো অঙ্গ-প্ৰত্যঙ্গ পানীত থকাৰ উপযোগীকৈ গঠিত। কেৱল শ্বাস-প্ৰশ্বাস ইহঁতে হাওঁফাওঁৰ সহায়ত লয় আৰু স্তন্যপায়ীৰ দৰে পোৱালী জগায়। তিমিয়ে যেতিয়া পানীৰ ওপৰলৈ শ্বাস-প্ৰশ্বাস ল’বলৈ আহে, তেতিয়া দুই ছেকেণ্ডমানৰ ভিতৰতে ৫৫০ গেলেনমান বায়ু হাওঁফাওঁত ভৰাই ল'ব পাৰে। ঘানাৰ অধিৱাসীসকলৰ কাৰণে তিমিমাছ বৰ পৱিত্ৰ প্ৰাণী। তেওঁলোকে মানুহৰ দৰেই তিনি মাছৰো শৱ সৎকাৰ কৰে।

■ আফ্ৰিকাৰ গ’লিয়াথ (Goliath) নামৰ এবিধ গুবৰুৱাই উৰোতে এখন সৰু উৰাজাহাজৰ দৰে শব্দ কৰে। ইহঁত প্ৰায় ১৪ ছেণ্টিমিটাৰ পৰ্যন্ত দীঘল হয়।

■ গিলেমটছ (Guillemots) নামৰ চৰাইবিধে পানীৰ তলতো উৰিব পাৰে।

■ এজোপা গছে তাৰ বাচি থাকিবৰ বাবে প্ৰয়োজনীয় ৰসৰ মাত্ৰ ১০ শতাংশ মাটিৰ পৰা লাভ কৰে। বাকীখিনি চৌপাশৰ পৰিৱেশ আৰু জলবায়ুৱে যোগান ধৰে।

২১