পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জীব জগতৰ বিচিত্ৰ বতৰা
 


■ সাপে জিভাৰ সহায়ত গোন্ধ লয়।

■ পৃথিৱীত সকলো প্ৰাণীৰ তুলনাত পতঙ্গৰ সংখ্যা অধিক, সকলো প্ৰাণীৰ ভিতৰত শতকৰা ৯০ ভাগেই পতঙ্গ। পৃথিৱীৰ প্ৰতি বৰ্গ মাইলত গড়ে ২৫,০০০,০০০ মানকৈ পতঙ্গ থাকে। পৃথিৱীত যিমান চৰাই আছে তাতকৈ ৫০ গুণ আৰু যিমান জন্তু আছে তাতকৈ ডেৰশ গুণমান অধিক কেৱল পতঙ্গই আছে। এতিয়ালৈকে অধ্যয়ন কৰা পতঙ্গৰ মুঠ প্ৰজাতিৰ সংখ্যাই ১০,০০০,০০০ টা মান হ'ব।

■ জিৰাফৰ মূৰত শিং থকা বুলি সাধাৰণতে কোৱা হয় যদিও সেই দুটা আচলতে নোমেৰে ঢকা কোমল অংশহে।


১৭