পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 


■ প্ৰতি বছৰে পৃথিৱীয়ে সূৰ্যৰ পৰা পোৱা তাপশক্তি (১.৩×১০²৪ কেল'ৰি) যদি সাঁচি ৰাখিব পৰা গ'লহেঁতেন তেনেহ'লে এই তাপেৰে পৃথিৱীৰ উপৰিভাগত থকা ৩৫ মিটাৰ ডাঠ বৰফৰ তৰপ এটা গলাব পৰা গ'লহেঁতেন।
■ এক গ্ৰাম পানীত প্ৰায় ৩৩×১০²¹ বা ৩৩,০০০,০০০,০০০,০০০,০০০,০০০, ০০০ টা অণু থাকে। এই অণুবোৰ প্ৰতি মিনিটত ১০০০ টাকৈ গণি গ'লেও কামটো সম্পূৰ্ণ কৰিবলৈ প্ৰায় ছয় কোটি বছৰ লাগিব।
■ কোনো কোনো বিজ্ঞানীৰ মতে আদিম কালত পৃথিৱী আৰু আন এটি অচিন সৰু গ্ৰহৰ সংঘৰ্ষৰ ফলত চন্দ্ৰৰ জন্ম হৈছিল। পৃথিৱী আৰু সেই অচিন গ্ৰহ মিলিয়েই পৰৱৰ্তী কালত গঠিত হৈছে আমাৰ বৰ্তমানৰ পৃথিৱী আৰু উল্লিখিত সংঘৰ্ষৰ উত্তাপত বাষ্প হৈ ছিটিকি যোৱা পৃথিৱী আৰু সেই অচিন গ্ৰহৰ বিভিন্ন অংশ পৰৱৰ্তী কালত গোট মাৰি চন্দ্ৰৰ সৃষ্টি হৈছে। আচৰিত কথা, এই তত্ত্বৰ আংশিক প্ৰমাণো পোৱা গৈছে। এপল' যানে লৈ অহা চন্দ্ৰৰ মাটিত যিদৰে পৃথিৱীৰ দৰে মাটিও পোৱা গৈছে, ঠিক তেনেদৰে পোৱা গৈছে সম্পূৰ্ণ নতুন ধৰণৰ মাটি, যি হয়তো সেই অচিন গ্ৰহৰো হ'ব পাৰে।

■ আৰম্ভণিৰে পৰা ১,০০০,০০২,০০০ চনলৈকে পৃথিৱীত যিমান মানুহ জন্মিছে আৰু জন্ম হ’ব সেই আটাইখিনি জীয়াই থাকিলেহে সূৰ্যৰ ভৰৰ সমান হ'বগৈ। তাৰ মানে আমি আৰু দহ কোটি বছৰ বাট চাব লাগিব। সূৰ্যৰ ভৰ হ’ল ২×১০৩ কিলোগ্ৰাম। কিন্তু ইমানখিনি মানুহ থাকিবলৈ পৃথিৱীত ঠায়েই নহ’বগৈ৷ কাৰণ

পৃথিৱীৰ আকাৰ সূৰ্যৰ আকাৰৰ ১৩ লাখ ভাগৰ এভাগ।


১০