পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

আচৰণ কৰে। সেইটো বুজি, কৃপা কৰি, ক্ষমা কৰি, সাধুতাৰে তাৰ অসাধুতাক জয় কৰিবা। অনেকে বিপক্ষক ক্ষমা কৰে, কিন্তু বিপক্ষৰ দোষটো হলে নাপাহৰে, মনত টোপোলা বান্ধি থৈ দিয়ে। ক্ষমাও কৰিব লাগে, দায় পাহৰিবও লাগে, তেহে সম্পূৰ্ণ ক্ষমা কৰা হয়, নতুবা পুৰণি দোষৰ সোঁৱৰণিয়ে তোমাৰ মনত আকৌ কেতিয়াবা বিপৰীত ভাবক সাৰ পোৱাই দিব পাৰে। সেইদেখি দোষৰ ক্ষমাক সম্পূৰ্ণ কৰিবলৈ পাহৰণি লাগে।

 ঈশ্বৰে সৃষ্টিৰ সকলো পদাৰ্থ, সকলো কাৰ্য্যকে আপুনি গঢ়িছে; মাথোন এটি কাৰ্য্যৰ গঠন তেওঁ মানুহৰ হাতত এৰি দিছে; সেইটি মানুহৰ চৰিত্ৰ গঠন। ইয়াৰ কাৰণ, মানুহক তেওঁ বুদ্ধি বিদ্যা

২৭