পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
বাখৰ।
 

হব খোজাজনৰ শীঘ্ৰে কঁকাল পৰে; সেইদেখি তেওঁ যেতিয়া যত অৰ্থেৰে প্ৰকৃত সহায় কৰিব লাগে, তেতিয়া তত কৰিব নোৱাৰা হয়৷ সেই নিমিত্তে তোমাৰ সুসময়তে ভৱিষ্যত দুঃসময়লৈ সাঁচিবা৷ অকল বিত্তৰ বিষয়তে হে যে এই কথা খাতে এনে নহয়; পৰিশ্ৰম, স্বাস্থ্য, বুদ্ধি ইত্যাদিতো এই কথা খাটে৷ সেই দেখি ইংৰাজী ইকনমি Economy শব্দটোৰ আচল প্ৰতিশব্দ বিবেকব্যয়৷ ডেকাকালৰ সুলভ স্বাস্থ্যৰ অপব্যয়, অপব্যৱহাৰ কৰি শেষ বয়সত ভগ্নদেহ, ৰুগ্নস্বাস্থ্য লৈ অনুতাপ কৰি জীৱন কটোৱা মানুহৰ লেখ বৰ কম নহয়৷ মুঠতে, শক্তি সঞ্চয় কৰাঁ আৰু তাক আৱশ্যক মতে ব্যয় কৰা, তুমি সংসাৰত বিজয়ী হবা৷ তুমি মনত দৃঢ়ভাৱে ভাবিবা, যে তোমাৰ অৰ্থ, তোমাৰ শক্তি

১২