সমললৈ যাওক

পৃষ্ঠা:বাকীছোৱা জীৱন.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সময় নাপালে। ১৯৪১ চনৰ ৭ আগষ্ট তাৰিখে ৰবীন্দ্ৰনাথ প্ৰয়াত হয়। তেওঁৰ মৃত্যুৰ বাতৰি পোৱা দিনটোৰ কথা আজিও মোৰ স্মৃতিত স্পষ্ট হৈ আছে। তেতিয়াও আজিৰ বাংলাদেশ ভাৰতৰে অংশ হৈ আছিল বাবে কলকাতাৰ পৰা পোনে পোনে ৰে'লগাড়ী অসমলৈ আহিছিল। গতিকে কলকাতাৰ পৰা প্ৰকাশিত বাতৰি কাকত কোকৰাঝাৰ আহি পাইছিল সহজতে। বোধকৰো হিন্দুস্তান ষ্টেণ্ডাৰ্ড নামৰ ইংৰাজী কাকত আৰু আনন্দবাজাৰ পত্ৰিকা নাইবা যুগান্তৰ নামৰ বাংলা কাকত দেউতাই ৰাখিছিল। ‘বাঁহী’ আৰু ‘আৱাহন’ ক’ৰ পৰা কেনেকৈনো আহিছিল নাজানো। যি কি নহওক মনত আছে দেউতাই কাকত এখন হাতত লৈ ভিতৰলৈ আহি মাক কৈছিল— ‘এটা বৰ বেয়া খবৰ, ৰবি ঠাকুৰ আৰু নাই।’ মোৰ তেতিয়া বয়স ন মান। মা-দেউতা দুয়োৰে কৰুণ-বিষণ্ণ মুখ দুখনে কেনেবাকৈ মোৰ মনত মচিব নোৱৰা চাব পেলাই থৈ গ’ল। সেইখন কাকততে বোধকৰো মৃত্যুৰ দহ দিনমান আগতে ২৯ আৰু ৩০ জুলাই তাৰিখে নিজৰ জোড়াসাঁকোৰ ঘৰত লিখা তেওঁৰ শেষ কবিতা দুটা প্ৰকাশিত হৈছিল। তাৰে ২৯ তাৰিখে ৰচনা কৰা কবিতাটো দেউতাই মাজে মাজে পঢ়ি থকা বাবে মোৰ মনত থাকি গ'ল।


দুঃখেৰ আঁধাৰ ৰাত্ৰি

দুঃখেৰ আঁধাৰ ৰাত্ৰি বাৰে বাৰে
এসেছে আমাৰ দ্বাৰে;
একমাত্ৰ অস্ত্ৰ তাৰ দেখেছিনু –
কষ্টেৰ বিকৃত ভাণ, ত্ৰাসেৰ বিকট ভংগী যত—
অন্ধকাৰে ছলনাৰ ভূমিকা তাহাৰ॥

যতবাৰ ভয়েৰ মুখোষ তাৰ কৰেছি বিশ্বাস
ততবাৰ হয়েছে অনৰ্থ পৰাজয়।
এই হাৰজিত খেলা, জীবনেৰ মিথ্যা এ কুহক,
শিশুকাল হতে বিজড়িত পদে পদে এই বিভীষিকা—
দুঃখেৰ পৰিহাসে ভৰা।
ভয়েৰ বিচিত্ৰ চলচ্ছবি—
মৃত্যুৰ নিপুণ শিল্প বিকীৰ্ণ আঁধাৰে॥

বাকীছোৱা জীৱন /৫৫