সমললৈ যাওক

পৃষ্ঠা:বাকীছোৱা জীৱন.pdf/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাছৰ জোল খাই ইটানগৰলৈ যাত্ৰা কৰিলো।

 তাৱাং গুম্ফা বা মঠ দৰ্শন কৰাৰ প্ৰায় দহ বছৰমান পাছত নিউয়ৰ্ক মহানগৰীৰ উত্তৰে পাহাৰ-পৰ্বত আৰু মেপল ওক বননিৰে ঘেৰা শান্ত পৰিবেশৰ মাজত দেখিছিলো মনত সম্ভ্ৰম যোগোৱা ছোৱান ইয়েন বৌদ্ধ মঠ।

 আমাৰ পুত্ৰৰ ঘৰৰ পৰা ডেৰ ঘণ্টামানৰ বাট বৌদ্ধ মঠলৈ। অনেকে নিজান পবিত্ৰ পৰিবেশ বিচাৰি তালৈ যায়। তাত নিৰামিষ আহাৰৰ ব্যৱস্থাও আছে। আমি ৰাতিপুৱা গা-পা ধুই ওলাই গৈছিলো তালৈ৷ তাতেই খোৱা-বোৱা কৰি দিনটো কটাই আহিছিলো। তাৱাং গুম্ফাৰ লগত বিশালত্বত তুলনা নহয় যদিও ছোৱান ইয়েন গুম্ফা বেছি পৰিস্কাৰ পৰিচ্ছন্ন। তাৱাং গুম্ফাত লগ পোৱা কিছুমান লামাৰ ওচৰলৈ যাবই নোৱাৰি তেওঁলোকৰ গাৰ কাপোৰৰ গোন্ধত। জলৌ জপৌ সাজযোৰ বোধকৰো কোনোদিনে নোধোৱে। লামাকেইজনৰ সৈতে ফটো তুলিবলৈ যাওঁতে যিজন লামাৰ কাষত থিয় হৈছিলো তেওঁৰ কাপোৰৰ পৰা নিৰ্গত ভেকেটা ভেকেট গোন্ধ আজিও মোৰ নাকত লাগি থকা যেন লাগে।


চিংফৌ ৰজা বিছা নং চিংফৌৰ মুখামুখি

 ২০০২ চনৰ অক্টোবৰত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম লেখিকা সংস্থাৰ দশম দ্বিবাৰ্ষিক অধিৱেশনলৈ গৈছিলো। বহুদিনৰ পৰা মনত এটা ইচ্ছা পুহি ৰাখিছিলো চিংফৌ ৰজাৰ বাসস্থান বিছাগাঁৱলৈ যোৱাৰ। কিয় বাৰু মোৰ ইচ্ছা হৈছিল। হৈছিল এইবাবে যে বৰ্তমানৰ ৰজা বিছা নং চিংফৌৰ পূৰ্বপুৰুষ বম বিছা গামৰ নাম ভাৰতীয় চাহ শিল্পৰ লগত জড়িত।

 চাহ শিল্পৰ বাবে অসম প্ৰসিদ্ধ। ৰাতিপুৱা চাহ একাপ খোৱাটো আমাৰে নহয় পৃথিৱীৰ অনেকৰে অভ্যাস। আজি সমগ্ৰ বিশ্বতে চাহ হৈছে এক জনপ্ৰিয় পানীয়। কফিপ্ৰেমী আমেৰিকানসকলেও চাহৰ প্ৰতি আকৃষ্ট হোৱা পৰিলক্ষিত হৈছে। চাহ আমাৰ সংস্কৃতিৰো এটা দিশ। আলহী আহিলে চাহ একাপ আগবঢ়োৱাটো সাধাৰণ সৌজন্যবোধ। প্ৰাক্স্বাধীনতা যুগত গুৱাহাটী ৰে'ল ষ্টেচনত বিশাল এখন বিজ্ঞাপন ফলক লিখি থোৱা আছিল—

 ‘নাথাকে যিহত মুঠে মাদকতা দোষ
 চাহ খালে পায় কিন্তু জীৱনত সন্তোষ’

৩৪৪/ বাকীছোৱা জীৱন