সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অশুদ্ধ বৰ্ণবিন্যাস ক্ৰমে লোপ কৰি তাৰ সুলত পৰিশুদ্ধ ভাষা ব্যৱহাৰ কৰিবলৈ, পঢ়াশালী আদিত দূষিত ভাষাৰ পুথিৰ সলনি শুদ্ধ ভাষাৰ পুথি চলাবৰ নিমিত্তে আন্দোলন কৰিবলৈ, শ্ৰীধৰ কন্দলি শঙ্কৰদেৱ আদি পুৰণি গ্ৰন্থকাৰ আৰু কবিসকলে লিখা পুথিবিলাকৰ টান টান ভাগৰ টীকা-টিপ্পনী লেখিবলৈ আৰু দোষ-গুণ আলচ কৰিবলৈ, আমাৰ ভাষাত নোহোৱা লাগতিয়াল পুথিবিলাকৰ সংস্কৃত বা আন ভাষাৰ পৰা অনুবাদ কৰি বা সংক্ষিপ্ত সাৰ সংগ্ৰহ কৰি আমাৰ ভাষালৈ আনিবলৈ, আসামৰ আগৰ দিনৰ বা এতিয়াৰ যিবিলাক ধৰ্ম্মনীতি, সমাজনীতি, ৰাজনীতি আৰু খেল, মেল, গাওঁ-উইৰ আপুৰ্ব্বক বৃত্তান্ত আছে, তাক সংগ্ৰহ কৰি এখন বিস্তৃত বুৰঞ্জী লেখিবলৈ, দেশৰ ইতৰ সাধাৰণ সকলো -শ্ৰেণীৰ মানুহৰ ভিতৰত যাতে লেখা-পঢ়াৰ চৰ্চা হয়, তাৰ নিমিত্তে উজু উপায় উলিয়াবলৈ, বাতৰি কাকতৰ প্ৰতি লোকৰ আগ্ৰহ বঢ়াবলৈ আৰু অসমৰ সকলো অঞ্চলতে এটা মাত্ৰ লিখিত ভাষাৰ সৃষ্টি কৰিবলৈ সভাৰ যত্ন থাকিব।” মোৰ জীৱন সোঁৱৰণ : লক্ষ্মীনাথ বেজবৰুৱা)। এইখিনিতে উল্লেখ কৰিব পাৰি যে। অভাউসা, সভাৰ পৰিশুদ্ধ ভাষাৰ ব্যৱহাৰ ফৰাচী একাডেমীৰ আদৰ্শৰ প্ৰায় অনুৰূপ আছিল। ছাতসকলৰ কি সুগভীৰ চিন্তা! তেওঁলোকে সভাৰ বিভিন্ন অধিৱেশনত পাঠ কৰা প্ৰবন্ধসমূহো ও খাপৰ আছিল। এই প্ৰসঙ্গত হেমচন্দ্ৰ গোস্বামীৰ “অসমীয়া ভাষা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ অসমীয়া ভাষা প্ৰবন্ধৰ কথা উল্লেখ কৰিব পাৰি।বেজবৰুৱাৰ প্ৰবন্ধটো প্ৰায় বাৰটা অধিৱেশনত (১৮৯৫} পাঠ কৰা হৈছিল। এই ছাতসকলেও কলিকতাত আধুনিক অসমীয়া নাটকৰ অভিনয় কৰি পাশ্চাত্ত নাট্য-শৈলীক আদৰণি জনোৱাৰ উপৰি অসমীয়া ভাষাৰ নিচান উৰুৱাইছিল। তেওঁলোকে সঙ্কলন কৰা অসমীয়া পুৰণি পৃথিৰ তালিকা” (১৮৯৬ খ্ৰীঃ) প্ৰকাশ হোৱাৰ পিছৰ পৰাই “দেশৰ গতিৰ এটা আচৰিত পৰিৱৰ্তন দেখা গ'ল। আমাৰ মনলৈ এটা জাতীয় গৌৰৱৰ ভাব আহিল যি আত্ম- গৌৰৱৰ ভাব নহলে কোনো জাতিৰ উন্নতি নহয়। ইয়াৰ পিছৰপৰা শিক্ষা বিষয়ত আমাৰ উন্নতি হবলৈ ধৰিলে।” (ৰাধানাথ ফুকন, সাহিত্য সভা বাৰ্ষিকী, প্ৰথম ভাগ)। কলিকতীয়া ছাতসকলৰ আন এটি মহৎ প্ৰচেষ্টা হ’ল ‘জোনাকী (১৮৮৯) কাকতৰ প্ৰকাশ। অভাউসা, সভা শনিবৰীয়া অধিৱেশনত পঠিত ৰচনা, কবিতা আদি ছপাই উলিয়াবলৈ সিদ্ধান্ত কৰা হ'ল। কিন্তু তাৰ কাৰণে পুজি কত? এই সমস্যা সমাধানৰ অৰ্থে হৰিবিলাস আগৰৱালাৰ পুত্ৰ চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮) আগবাঢ়ি আহিল। তেওঁ তেতিয়া প্ৰেচিডেন্সি