ভূমিকা ডঃ মহেশ্বৰ নেওগে লক্ষ্মীনাথ বেজবৰুৰ বিষয়ে মন্তব্য কৰিছে, “বেজবৰুৱা অসমীয়া সাহিত্যৰ এক সাহিত্যিক ব্যক্তি মাথোন এনে নহয়। তেওঁ এটি আন্দোলন। বেজবৰুৱাৰ বিকাশ সেই আন্দোলনত আৰু সেই আন্দোলনেই তেওঁৰ সাহিত্য-প্ৰচেষ্টাক দিশ দিলে, মহত্ত্ব দিলে।” (লক্ষ্মীনাথ বেজবৰুৱা : অসম প্ৰকাশন পৰিষদ)। তেওঁ যি সময়ত কলিকতাত পঢ়িবলৈ গৈছিল সেই সময়ত পাশ্চাত্ত্য শিক্ষাৰ প্ৰভাৱত এটা নৱ-জাগৰণৰ টৌ উঠিছিল। সেই কালত কলিকতা ভাৰতবৰ্ষৰ ৰাজধানী আছিল। এই প্ৰভাৱে বেজবৰুৱা আৰু তেওঁৰ সতীৰ্থসকলক স্পৰ্শ কৰিছিল। এইসকল ছাত্ৰই অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষাৰেহে স্কুলীয়া শিক্ষা লাভ কৰিছিল। সেই সময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলৰ মাজত অসমীয়া ছাতৰৰ সাহিত্য সভা (এ.এছ.এল, ক্লাব) নামৰ এটা সামাজিক অনুষ্ঠান আছিল। ছাতৰসকলৰ ৬৭ নং মীৰ্জাপুৰ ষ্ট্ৰীটৰ বহাত ১৮৮৮ চনৰ ২৫ আগষ্ট তাৰিখে হোৱা টিপাটিত অসমীয়া ভাষাৰ উন্নতি সাধিবৰ অৰ্থে গ্ৰহণ কৰা এটা প্ৰস্তাৱ কাৰ্যত পৰিণত হোৱাৰ ফলস্বৰূপে অসমীয়া ভাষা-উন্নতি সাধিনী সভাৰ জন্ম হয়। অভাউসা, সভাৰ উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। এই সভাৰ উদ্দেশ্য সম্পৰ্কে কাৰ্য বিৱৰণীত আছে, “কেঁচুৱা মাতৃভাষা কেনেকৈ ডাঙৰ-দীঘল হ'ব, কেনেকৈ সি পৃথিৱীৰ আন আন ধনী আৰু উন্নতিশীল ভাষাৰ সমান হৈ আপোন গৌৰৱ বেলিৰ পোহৰ চাৰিওফালে পেলাই দুখীয়া আৰু এন্ধাৰ আসামৰ মুখ পোহৰাব পাৰিব, কেনেকৈ সি দুৰ্বল, ৰুগীয়া আৰু জীৰ্ণ অৱস্থাৰপৰা সবল সুস্থ আৰু শকত অৱস্থা পাব, তাৰ উপায় সাধনেই এই সভাৰ উদ্দেশ্য।” (মোৰ জীৱন সোঁৱৰণ : লক্ষ্মীনাথ বেজবৰুৱা)। “এই উদ্দেশ্য সাধন কৰিবলৈ সভাই অসমীয়া পুথিবিলাক একে ঠাইতে গোটাবলৈ যত্ন কৰিছে। পুৰণি পুথিবিলাক যাতে নষ্ট নেপায় আৰু ক্ৰমে ছপা হৈ প্ৰকাশিত হয় সভা তাৰ চেষ্টাত আছে। আসামৰ সকলো বিধৰ পঢ়াশালিত যাতে অসমীয়া ভাষা প্ৰচলিত কৰা হয় আৰু অসমীয়া ল'ৰা-ছোৱালীয়ে যাতে নিজ নিজ ভাষা সুকলমে পঢ়িবলৈ পায়, তাৰ নিমিত্তে অসমৰ শিক্ষা বিভাগৰ অধিকাৰসকলৰ মনোযোগ আকৰ্ষণ কৰা, লেখা-পঢ়া কাৰ্য্যত অশুদ্ধ ব্যাকৰণ,
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭
অৱয়ব