প্ৰধান সম্পাদকৰ একাষাৰ
বিংশ শতাব্দীৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ১৯০৯ খ্ৰীষ্টাব্দৰ ডিচেম্বৰ মাহত বাঁহীত ‘ফু’ দিলে “একেটি মাথোন মাত .. একেটি আনন্দ তাত” ... গীতেৰে। মাত আৰু গীতেৰে অসমীয়া আলোচনী সাহিত্যৰ বাঁহী ইতিহাস হৈ নাথাকি আধুনিক অসমীয়া ভাষা- সাহিত্য-সমাজ-সংস্কৃতিৰ পূৰ্ণতা প্ৰাপ্তিৰো ইতিহাস হৈ পৰিল। নিমাত অসমীয়াৰ মাত উলিয়াবলৈ, পতানৰপৰা ধান বাচিবলৈ বীত চকু দান কৰি বাঁহীয়ে প্ৰতিজন অসমীয়াৰ মনক আধুনিকতাৰ ফালে আগবাঢ়িবলৈ প্ৰেৰণা দিছিল। সভ্যতাৰ দুটি মূৰ্তিৰ অন্যতম মৈত্ৰেয়ী মূৰ্তিৰ যোগেদি বাঁহীয়ে এটি বৌদ্ধিক পৰিমণ্ডল সৃষ্টি কৰি কেনেকৈ অসমীয়া ভাষা-সাহিত্যক পূৰ্ণতা দান কৰিছিল তাৰ বিস্তৃত ইতিহাস বাঁহীৰ প্ৰতিখিলা পাতৰ মাজত উপলব্ধিৰ বস্তু। আধুনিক অসমীয়া মনৰ লগতে সাহিত্যৰ বিভিন্ন শাখা-প্ৰশাখাই কেনেকৈ বাট কাটি লৈছিল, আসাম বন্ধু, জোনাকীয়ে হাবি-কাটি উলিয়াই থৈ যোৱা পটিয়েদি বাঁহীয়ে কেনেকৈ ভাষা-সাহিত্যৰ লগত জাতীয় সত্তাক সম্পৃক্ত কৰিছিল, চৌ দিশৰ পৰা অহা আক্ৰমণ, তীব্ৰ আঘাত, অৰ্থনৈতিক, দুৰৱস্থা অনাটনৰ মাজেদি বেজবৰুৱাই স্থিতপ্ৰজ্ঞৰ দৰে কেনেকৈ ঐকান্তিক নিষ্ঠা আৰু মনোবলেৰে বাঁহীত ফুঁ দি অসমীয়াৰ আত্মমৰ্যাদা জাগৃত কৰিছিল বাঁহী তাৰো ইতিহাস হৈ ৰ'ল।
আধুনিক অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসৰ দলিল স্বৰূপ বাঁহীৰ সকলো সংখ্যাৰ ক'তো একত্ৰ সংৰক্ষণ নহ'ল। ব্যক্তিগত আৰু চৰকাৰী, বেচৰকাৰী, সংৰক্ষণত থকা সংখ্যাসমূহ ঠাইতে পোৱাটোও সম্ভৱ নহয়। অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানে এই ইতিহাস একত্ৰ সংকলনৰ যোগেদি সংৰক্ষণৰ দায়িত্ব লোৱাটো নৈতিক দায়িত্ব বুলি বিৱেচনা কৰি বিষয়টি কাৰ্যনিৰ্বাহক সমিতিত উত্থাপন কৰা হ'ল। সমিতিয়ে অনুমোদন জনালে আৰু লগে লগে সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যাচাৰ্য শ্ৰীযতীন্দ্ৰ নাথ গোস্বামীক বেজবৰুৱাৰ সম্পাদনাৰ কালছোৱাৰ বাঁহীৰ একত্ৰ সংকলকৰ দায়িত্ব দিয়া হ'ল। লগতে সমিতিয়ে সহযোগী স্বৰূপে আমাকে মনোনীত কৰিলে। প্ৰথম বছৰৰ বাঁহীৰ আকাৰ সৰু। বছৰত প্ৰায় ৫০০ পৃষ্ঠাকৈ ন বছৰত ৪৫০০ পৃষ্টা হয়। সেয়ে প্ৰতি দুবছৰৰ বাঁহী লগলগাই একোটা খণ্ড প্ৰকাশ কৰিবৰ কাৰণে আঁচনি কৰা হ'ল। এই খণ্ডটি প্ৰথম আৰু দ্বিতীয় বছৰৰ একত্ৰ সংকলন। খণ্ডটিৰ