পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাতি, ১৮৩২] বাইদেও। ৩৭১ সি বিহওক, তামোল-খালি খাই উঠিয়ে তেওঁক সুধিবলৈ ধৰিলে- “আই! আমাৰ আগত তই একো নাছাৰিবি, কচোন আই ই কপা আহি আৰু তোৰ ঘৰ কত?” তেওঁ এটি দীঘল জুমুনিয়াহ পেশাই ধীৰে ধীৰে উত্তৰ দিলে,-“ই, মোৰ ঘৰ লখীমপুৰৰ সদিয়াত।” আইতা আৰু মই দুয়ো বিচুক্তি হলো। আইতাই পুনৰ ৰিলে— “আই, তেক দেখিলে দেখোন ভাঙৰ মানুহৰ খবৰ বুলি বোধ হয়, আই কচোন, তই কিয় এনে দিগম্বৰ বেশেৰে এইখিনি এলালিহি?” তেওঁ এই কথা শুনা মাত্ৰকে তেওঁৰ চকুৰ পৰা বিৰাজৰ দুখাৰি পানী পালেখি ৰৈ গল। ক্ৰৰে তেওঁৰ শোক বেছি হোৱাত আৰু সেই অনুসৰি চকুৰ পানীয়ে ওলাবলৈ ধৰাত আইতাই মানা ৰকমৰ প্ৰবোধ দি নাগশিবলৈ কলে। দুখনৰ তামোল খোৱাৰ পিছত তেওঁ শোক সৰণ কৰিবলৈ ধৰিলে,- জাই! মই মোৰ দুখ আৰু ভাগ্যৰ কথা কৈ আপোনালোকক ব্যথিত কৰিব নোখোকে; তথাপি আপোনালোকে যে শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, কওঁ শুনক। মোৰ দেউতাৰ নাম লম্বোদৰ শইকীয়া। ধনে গানে মোৰ দেউতা গাৱৰ ভিতৰত এজন বৰ মুখিয়াল আৰু সন্ত্ৰস্ত মানুহ আছিল আৰু সকলো তেওঁৰ গুণ বশ আছিল। মোৰ আইতাও এজন ধনী মানুহৰ কক্ষ। তেওঁলোকৰ তিনটি সন্তান জাছিল, ময়ে সকলোতকৈ সৰু, আৰু মোৰ দুজন ককাই আছিল। আই ঢুকাবৰ দুবছৰ মানৰ পিছত অহনী বেমাৰে মোেৰ দুয়োটা ককাইক সিফণীয়া কৰিলে। আই,এই গভাগিণীকে। তেতিয়াই মাৰি নিয়াহেঁতেন আজি মোৰ মুখৰপৰা আপোনালোকে এই দুৰ্গতিৰ কথা শুনিবলৈ নেপালেহেঁতেন। মই সৰুতেই পবিত্ৰ মাতৃহে পৰা বঞ্চিত হৈছিলোঁ বুলিও পিতৃস্নেহৰপৰা বঞ্চিত হোৱা নাছিলোঁ; আনকি, মা-মাকে মোক কষ্ট দিয়ে বুলি, অনেক অনুবোৰতো তেওঁ পুনৰ বিয়া নকৰিলে। সি যিহওঁক লাহে লাহে মোৰ যৌৱনাৱা উপস্থিত হল, আৰু দেউতাই ধনে-মানে সন্ত্ৰাৰ এজন আহত শোক বিবাহ দিলে। কিন্তু আই! কি কুক্ষণত এই পিণীয়ে জন্ম গ্ৰহণ কৰিছিল। কব নোৱাৰে, মোৰ বিয়া নহল জানিবা বিহ হল। মোৰ বিয়াৰ দুমাহমানৰ পিছত