পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খাহী। ১৯১১ সংখ্যা কোনো ভালমানুহেও সেই কথাকে সমৰ্থন কৰা দেখি তেওঁলোকৰ এটা অন্ধবিশ্বাস আৰু self-deception) আত্মপ্ৰতাৰণা হৈ গৈছে যে তেওঁলোক ভাৰাটো বলা। এনেকুৱা কাৰণৰ নিখিয়ে ৫ সহজ গুৱালপৰীয়াই নিজ মাতৃভাষা বলা বুলি চেচচত লেখাই দিছে বুলি আমাৰ ৰাৰণা। যি যি কাৰণৰ বাবে ৰংপুৰ দিনাজপুৰৰ বিকৃত অসমীয়া ভাষা বগলা- তাৰ পেটত সোল, তেনেকুৱা কোনো কোনো ফাৰণৰ নিমিত্তেই গুৱালপৰীয়া মাত বালাভাষাৰ শৰাহৰ ফালে ঢাণ লোৱা বিপদত পৰিছে। শিক্ষাৰ লগে লগে গুৱালপৰীয়া অসমীয়াসকলৰ যেতিন্না আত্মসম্মান বাঢ়ি আহিব, (অনেক শিক্ষিত গুৱালপৰীয়াৰ বাঢ়িছে তেতিয়া তেওঁলোক নিজৰ মাতৃৰ কোলালৈ নিশ্চয় লৰি আহিব, আৰু তেতিয়া তেওঁলোকে মাতৃভাষা কৈ মাতৃভাষা অলচ কৰি নিজক গৌৰৱান্বিত বিবেচনা কৰিব। আমি ভবিষ্যত্বাণী কৰিব পাৰে-আমাৰ বাণী বন্ধু- সকল কিছুদিনৰ মূৰত গুৱালপাৰৰ বিষয়তো নিৰাশ হব। দ্বিতীয় হেতুবা সম্বন্ধে যদি বিদ্যাবিনোদে ইয়াকে কব পাৰে “যে শঙ্কৰদেবাদি ৰচিত খে। যা প্ৰতি পড়িয়া বুঝিবাৰ নিমিত্ত অসমীয়া ভাষাৰ প্ৰবৰ্ত্তন অনাবশ্যক। বাঙ্গলা লেখাপড়া আনিলেই উহা অনায়াসে বোধগম্য হইয়া থাকে।" আৰু কামৰূপেৰ সাধাৰণ লোকে অনেকে আজিও কাশীৰাৰ দাসে মহাভাৰত ও কৃত্তিবাসে ৰামায়ণ পড়িয়া থাকে; ” তেনেহলে গুৱাৰ- পাৰত বহলাভাষা চলোৱাটোও উচিত নহয়; কাৰণ অসমীয়া ভাষা চল। কামৰূপত যেনেকৈ বল নপঢ়িও বুজিব পাৰি, বলা চলা গুৱাল- পাৰ তেনেকৈ অসমীয়া নপঢ়িও বুজিব পাৰি। এইটো ক্ষেতত্বৰ সাধাৰণ নিয়ম। কিন্তু ইয়াৰ ভিতৰতে এটা কথা আছে; যদি সংস্কৃতমূলক কোনো ভাষাৰ ধৰ্ম্মসম্বন্ধীয় পুৰণি পুথি সংস্কৃতমূলক আন ভাষা- ভাষীসকলে বুজিব পাৰে, তেন্তে যে সেই দুই ভাষা একে হল এনেটে। সিদ্ধান্তলৈ যাবলৈ আমি টান পাওঁ। তুলসীদাসৰ হিন্দী কোন বঙ্গাব্দীয়ে বুলিখ নোৱাৰে। তেনেহলে হিন্দী আৰু বঙ্গভাষা একে বোলা; আৰু হিন্দী- তাষাৰ ঠাইত হিন্দী নচলি বা চলিলেই হল বোল।।