পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪২ | বাহা। (১ম বছৰ, ১১শ সংখ্যা কামি খোলে নো মানুহ কিমান দিন জীয়ে আৰু খালে নো কিমান দিন লীগে। ছোৱালীহঁতক কৈছিলোঁ, যিবোৰ ছোৱালীয়ে ভালকৈ বাৰী নিশিকে, ধোৰ-পদুলা হৈ বহি খাবলৈ বিচাৰে, ভালকৈ বোৱা-কটা বন্ধা-বঢ়া নকৰে, সেইবোৰ আমাৰ পূজ্যপাদ মহাৰাণীয়ে হেনো ধৰাই নিব। বৰতে উঠি-থকা বিয়া নিদিয়া গাভকবিলাকক আৰু সিহতঁৰ মাক বাপেকক কৈছিলো যে, যিবিলাক গাভৰুৱে শীঞ্জে বিয়া নোসোমায় সেইবিলাকক চৰ্কাৰৰ ঘৰে ধৰি ধৰি নি চিপাহীবিলাকক বিয়া দিব। মোৰ এইবিলাক কথাত কোনে কি কৈছিল, কোনে কি উত্তৰ দিছিল, মোৰ ভালকৈ মনত নাই। কিন্তু এটা মহৎ উপকাৰ হলে হৈছিল আৰু সেই উপকাৰত মই ভোলাই শৰ্মীৰ একেৰা লাভে হৈছিল। মই গাৱত, শ্ৰীবিষ্ণু! কত সোয্যই মানুষ গণিবলৈ বা বহিত লেখিবলৈ ধৰা দিনৰেপৰা ভালেমান গাভৰুৰ, চিপাহীয়ে ধৰি নিয়া ভয়তে, বিয়া হবলৈ ধৰিলে আৰু মইও সেই প্ৰত্যেকখন বিয়ালৈকে নিমন্ত্ৰণ পাই পেট ভৰাই তৰাই জলপান আৰু দক্ষিণা এগাল ভালকৈয়ে পাইছিলোঁ। আন বামুণক তাকৰীয়া দক্ষিণা দিলেও মোক হলে এফেৰি বেছি বেছিকৈ দিছিল; আৰু ছোৱালীৰ মাকহঁতে মেক সিহঁতৰ ছোৱালীবিলাকক বৃহিত বিবাহিতা লেখিবলৈ তলে তলে খাটিছিল। মই এইদৰে নানান খেচালত সহিও অৱশেহত চেনচচ পিয়লৰ কাম আৰম্ভ কৰিলে। ইঘৰ-সিধৰকৈ ফুৰিবলৈ ধৰিলে। এই কামটোতো এই আপদীয়াক আপদে মেৰিলে। প্ৰথমতে মানুহটো আৰু মানুহজনীয়ে প্ৰতি নাম লিখিব লগাত পাৰিলে। কেৱে আচল নাম নয়। কোনোৱে বা সোঁৱৰণীৰ নামটোকেহে কয়। কোনোৱে উপলুঙা নাম এটাকে কয়। গিৰিয়েকৰ নামটো ঘৈণীয়েকে নয়, বৈণীয়েকৰ নামটো গিৰিয়েকে কব নোখোজে; কিয়নো, আমাৰ দেশত দখুৰ জাছে, গিৰিয়েকে ঘৈণীয়েকৰ, ঘৈণীয়েকে গিৰিয়েকৰ নাম কাঢ়িব নেপায়। কোনো কমে দণ্ড খৰিয়াল কৰি আৰু-তাক সুধি-পুছি নামবিলাক শেখলে। তাৰ পাছত এঘৰলৈ গলে, তাত এটা তিনি শীয়া কেচুৱা লৰা আছিল। আনবিলাকৰ দৰে তাৰো না যায় সফললাবিলাক শেথিলে।। যেতিয়া তাৰ ব্যৱসায় অৰ্থাৎ পি কি কৰি ৰয় সুধিব লগাত পৰিলোঁ, তেতিয়া