১৮৩২, তাদ ] সম্পাদক চৰা। ভাষা আৰু সাহিত্যৰ ছাঁ কোনকৈ বঙ্গালা ভাষাকে আদি কৰি ভাৰতৰ আন আন ভাষা আৰু সাহিত্যৰ ওপৰত পৰিছে সেইটো কোনে নাই বো? ইংৰাগীৰ কথাকে নকওঁ, table turn হৈ অৰ্থাৎ কা উলটি গৈ আজিকালি কেনেকৈ প্ৰণ বলা ভাষা আৰু সাহিত্যৰ প্ৰভাৱ অসমীয়া ভাষা আৰু সাহিত্যৰ ওপৰত পদে পদে পৰিছে সেইটো মন কৰিলেই দেখিবলৈ পোৱা যায়। সেইদেখিয়েই প্ৰাচীন কালত প্ৰবল অসমৰ প্ৰবল ভাষাৰ প্ৰভাৱ দুৰ দেশৰ ভাষাৰ ওপৰত যে ভালকৈয়ে বিস্তাৰিত হৈছিল সেইটো বুজিবলৈ টান কথা নহয়। যি কামৰূপৰ জধানী প্ৰাগজ্যোতিষপুৰে দুৰূহ জ্যোতিষ-বিদ্যা চৰ্চাৰ প্ৰতিপত্তি লতি ভাৰতত প্ৰখ্যাত হৈছিল, যি কামাখ্যা তীৰ্থ অশেষ মহিম হিমা: লয়ৰপৰা কন্যা-কুৰলৈকে নাজাত আছিল, যি কামৰূপ বলিষ্ট গলিৰ গোকৰ্ণ খাদি অৰ্য্য মাখবিসকলৰ তপক্ষাৰ স্থান ছিল, সেই পুৰণি কামৰূপৰ ভাষাৰ প্ৰবল প্ৰভাৱৰ কথা অস্বীকাৰ “কোন মাইকীৰ পেয়ে কৰিব? অতি প্ৰাচীন কালৰ কথাকে নালাগে, যি অসমীয়া কোচবেহাৰৰ মৰণাৰায়ণ ৰজাৰ সভা বঙ্গদেশৰ নানা ঠাইৰপৰা অহা অগাঢ় পণ্ডিত সকলে উজ্জ্বল কৰিছিল, আৰু যিসকলক নিৰ গুণেৰে হৰুৱাই মস মীয়া মহাকবি ৰামসৰস্বতীয়ে মহাভাৰতৰ অসমীয়া ভাঙনি কৰিবলৈ ৰজাৰপৰা অজ্ঞা শতিছিল, সেই কামৰূপৰ ভাষাৰ ক্ষমতা কোন মুখ ই অস্বীকাৰ কৰিব? অনেঝে মাঙ্গানে যে কলিকতাৰ ঠাকুৰ বংশৰ উপৰি পুৰুষ বিখ্যাত পুৰুষোত্তৰ বিদ্যাবাগীশে কোচবেহাৰৰ ৰাজসভা থাকি বজাৰ অনুস্মানতে অসমত প্ৰচলিত “মালা ব্যাকৰণ” ৰূচনা কৰিছিল। আসাম কামৰূপ আগেয়ে এনে আছিল; এতিয়াহে সি "ৰণত পৰি কলীয়া হৈছে, আক তেল নাপাই ফুপৰীয়া হৈছে।”
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৪৯
অৱয়ব