বাহী। (১ম বছৰ ৯ম সং নিজান বিলত ফুলে কত উলাহেৰে, আমোদিত কৰে যন মধুৰ গোন্ধৰে; কি তুমি দুৰ্ভগীয়া ওচৰলৈপি যোৱ বোকা আৰু পানী মাখে। বাবা উপহাৰ, নোপোৱা কবিৰ ভোগ কথাতে হে সাৰ। ফুলনিত ফুলে মুতী, লাহৰী মালতী, জাতী, তাইতো তোমাৰৰ প্ৰেমত বলিয়া, বঞ্চিত কৰিলে তো তোমোক কলীয়া। আমনিত পৰি কুলি কুউ কুউ কুউ বুলি পঞ্চমত ভুলি গায় মাঠে ভালে ডালে, গুচি যায় সিও হাৰ কলটি গলে। মিছা 'এটি ভাব লৈ গাই ফুৰা তাকে কৈ, উলিওৱা ৰণ চেপি হলেও নিৰস; ইয়াতে নে সব খোজা তুমি অত যশ? মৰতৰ নৰ তুমি মততে থাকি, সব খোজা স্বৰ্গসুখ কল্পনাতে আঁকি; গুঙিৰে সপোন হায় দেখা পোৱা পাছে, তোমাৰ সংসাৰ খাব তেতিয়াও আছে। অধিকানাথ বৰা ফুল-ৰাণী। চোৱাচোন সখী, যোক কেনে দেখি, ৰূপহী হৈথ্যে নে মই? ফুলেৰেই সাকিছো, কি ৰূপ ধৰিৱে, দেখিলে থাকা নে ভয়। সুগন্ধি ফুলৰ গাঁথি চহাৰ, হিয়াত পিছিয়ে। সখী। মৱৰ-বালা পাৰি যতনেৰে, খৈছে। হাতত ৰাখি। হো লালিত ফুলৰ গাঙঠি পিন্ধিছে। হেঁপাহত নই। বেপাৰ ওপৰত মালতীৰ খোপা, পৰিছে তোমোক।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৩৬
অৱয়ব