পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। [ ১ম বছৰ, ৯ম সংখ্যা এখন হেমকোষৰ সমান অভিধান হব। কিন্তু এই ডাঙৰ কামটো কৰিবলৈ এতিয়াও কোনো বাগবঢ়া নাই, আৰু আগবঢ়াও টান। কিন্তু বহুতে মিলি এটা কাৰত ধৰিলে কাটে। মোনকালে সিজে আৰু কৰিবলৈকো উজু হয়। এতেকে এতিাৰপৰা যদি আমাৰ কিছুমানে হেমকোষত নথকা শব্দবিলাক গোটাই থৈ যায়, তেনেহলে কেতিয়াবা যদি কোনো অসমৰ সুপুত্ৰই অসমীয়া ভাষাৰ এই ডাঙৰ অভাৱ পুৰলৈ আগবাঢ়ে তেনেহলে এই শব্দবিলাকে তেওঁৰ বহুত উপকাৰ কৰিব আৰু পৰিমো লাঘৱ হব! এতেকে যদি সকলোৱে আমাৰ এই কথালৈ অলপ মন দি, মাতৃভাষাৰ হিত অৰ্থে শব্দ কিছুমান পোটায়, তেনেহলে সেই অভাৱটি সোনকালে পুৰ হবৰ সম্ভৱ। গোটোৱা শব্দবিলাকৰ পদ বা অৰ্থাদি বহলকৈ বুজাই নিদিলেও হব; কিয়নো সি অভিধান লিখাৰ হে কাম, আমি কেৱল তেওঁৰ সহায় হে। শব্দবোৰ গোটাই নিজৰ ঘৰতে থৈ দিলে কোনেও নেদেখে আৰু হেৰবৰো ভয় থাকে, এথেকে গোটাৱা শব্দবিলাক আমাৰ বৰ্তমান মাহেকীয়া কাক তবিলাকত প্ৰকাশ কৰিলে ভাল হয়। আমি আমাৰ বন্ধু এজনেৰে সৈতে লগ লাগি আজি এবছৰ চেষ্টা কৰি প্ৰায় ১০ মান শব্দ গোটাইছে।। সুবিধা পালে সেইবোৰ প্ৰকাশ কৰিবৰ আমাৰ নন এছে। অধিকানাথ বৰা। বহী। ৰিণিকি ৰিণিকি আহি পৰিছে কাণত আধা-ফুটা সুমধুৰ সুৰ।। সোৱৰী যেতে যেন নিয়ে ওপাই আশা-ভৰা হিয়াখনি মোৰ। কল্পনা-লগৰী ই চাই আহে। গই সেই শোভা বধুনা-পাৰত, শাসকলক কই আহো গই, 'বাজে বাহী কণা।