পাহাৰ, ১৯৩২ } কাশীবাসী। পিন্ধিছে; কোনোৱে বা শাৰ কাপোৰ খহাই খটখটিৰ ওপৰত থৈ পানীয় নামিবৰ উদ্যোগ কৰিছে। কাষতে পাই দুজন চাৰিজন সন্ন্যাসী ফকিৰে বহি দুই জানি ভাং খপাত পিছে। পুহ মহীয়া কাৰ দশাশ্বমেধ খাটত এই দৃশ্য। মোৰ এজন অসমীয়া বন্ধুৰে সৈতে ভুয়ে শঙ্গাঙ্গান:কৰিবৰ মনেৰে এদিন পুৱাই তালৈ গৈছিল। কিন্তু গাৰ পৰা নোমৰ চোল কাপোৰ শোলোকাই মোৰ উদং পাটোৰ কোমল তখন জাৰৰ চোকা পাতৰ গইল সতকাই আগ বঢ়াই দিবলৈ সঙ্কোচ কৰি, দেখাক দেখি একা দু আঙ্গুলকৈ সাহ পোটাবৰ মনেৰে আল-বিলম কৰি বৰে সৈতে সাত-পাঁৎ উৰণীয়া থ। পাতিব লাগিছে॥ এনেতে দেখিলোঁ, এড়ীয়া কাপোৰৰ শাৰ পিন্ধা আ বছৰমান বয়সীয়া পপীয়া বুঢ়ী এজনীয়ে আমাৰ কাষ ছাপি আহি আমাৰ মুখলৈ চাই সুধিছে,-“বাবা, তোম। কি অসমীয়া মানুহ?” মই উত্তৰ দিলে, “হা, আমৰা আসাম দেশেৰ লোক।” বুঢ়ী-“কত বাড়ী? মই।-“ৰংপুৰ শিৱসাগৰে বাড়ী। আপনি কে? কেন জিজ্ঞস কৰু ছেন বসুন দেখি? আপনাৰ বাড়ী কোথায়?" বুঢ়ী।-“বাবা, আমাৰ বাড়ীও ৰংপুৰে। আমিও অসমীয়া মানুহ। বা বিশ্বনাথ! হায় মোৰ পোসাই। আমি কত কাশৰ মূৰে আমাৰ দেশৰ মানুহ দেখিতে পাই!” এই বুলি বুঢ়ীয়ে ভালেমান কথা কৈ হা-হুতাহ কৰি আমাৰ ওচৰতে বহিল। দেখিলে। বুঢ়ীৰ চকু পানীয়ে চললীয়া হৈছে। আমি দুয়ো তালকৈ কথা কৈ বুঢ়ীক তেওঁৰ আঁতি-গুৰি সুধিলত বুঢ়ীযে অসমীয়া অৰু বদলাৰে সান-মিহলি ভাষাৰে নিৰ যি কাহিনী বৰ্ণনা কৰিলে তাৰ সাৰভাগ চমুকৈ তলত দিলোঁ। “বোপাহঁত, তোমালোকক নো আৰু মোৰ আঁত্তি-গুৰিৰ কথা কি কম! সেইবোৰ দুখ-বেজাইৰ কথা সুৱৰিলে এতিয়াও মোৰ হিয়া ভাগি যায়। মই আগেয়ে কি আহিলোঁ সেই কথা মনত পৰিলে সেইবোৰ আৰু এজনৰ কথা যেন লাগে। “আমাৰ ঘৰৰংপুৰ চহৰত আছিল। মই ভৰালীবৰুৱাৰ ঘৰৰ জীয়ৰী, সুগীয়া বৰুৱাৰ ঘৰলৈ পৰিছিলোঁ। মোৰ বোপাই ডাঙৰ মানুহ, আৰু 1
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩০১
অৱয়ব