পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সভাপতিৰ একাষাৰ

 ‘বাহী’ কেৱল এখন আলোচনীয়েই নহয়, ‘বাঁহী’ অসমৰ একালৰ সামাজিক আৰু সাংস্কৃতিক এক ইতিহাসো। বিংশ শতাব্দীৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া লক্ষ্মীনাথ বেজবৰুৱাৰ নিৰৱচ্ছিন্ন সাধনা আৰু ত্যাগ এই আলোচনীৰ লগত জড়িত। বেজবৰুৱাই নিজে কোৱা মতেই, এখন এখন ‘বাহী’ তেওঁৰ বুকুৰ এডোখৰ এডোখৰ। ‘বাঁহী’ৰ প্ৰথমটো সংখ্যাৰ পৰাই বেজবৰুৱা সম্পাদক। প্ৰথম বছৰ প্ৰথম সংখ্যা ‘বাঁহী’ৰ আটাইবোৰ ৰচনা বেজবৰুৱাৰে। পাছলৈ চন্দ্ৰকুমাৰ আগৰৱালা আৰু যতীন্দ্ৰ নাথ দুৱৰাৰ উদ্যোগ আৰু সক্ৰিয় সহযোগত আলোচনীখন প্ৰকাশ হৈ আছিল।

 আধুনিক অসমীয়া ভাষাৰ প্ৰতিষ্ঠাপনৰ বেলিকা এই আলোচনীৰে ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। শ্ৰীমন্ত শংকৰদেৱক নামঘৰৰ মণিকূটৰ বাহিৰতো অসমীয়াৰ হৃদয়ত স্থাপন কৰিলে ‘বাহী’ৰ যোগেদিয়েই। অসমীয়া সমাজৰ দোষ- দুৰ্বলতা, ভণ্ডামি-কপটতা আদি নিৰ্মূল কৰাৰ অভিযানো চলালে ‘বাঁহী’য়েই।

 অসমৰ জাতীয় জীৱনৰ পৰম সম্পদ সেইখন ঐশ্বৰ্যমণ্ডিত ‘বাঁহী’ক অসম সাহিত্য সভাৰ ফালৰ পৰা পুনৰ্মুদ্ৰণ কৰি আমি অনুগৃহীত আৰু ধন্য হৈছোঁ। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যাচাৰ্য্য শ্ৰীযতীন্দ্ৰ নাথ গোস্বামীয়ে গ্ৰন্থখনৰ সংকলন আৰু সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰি আৰু লগতে এটি সুদীৰ্ঘ ভূমিকা লিখি আমাক অনুগৃহীত কৰিছে। অসমৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে ‘বাহী’ৰ মূল কপিখিনি ছপাৰ বাবে দি আমাক কৃতজ্ঞ কৰিছে। সেই বিভাগৰ সঞ্চালক ডঃ জিতেন দাসক আমাৰ ঐকান্তিক শুভেচ্ছা জনালো। অতি কম সময়ৰ ভিতৰতে পৰম নিষ্ঠা আৰু আগ্ৰহেৰে গ্ৰন্থখন ছপা কৰা বাবে শ্ৰীৰমেন্দ্ৰনাৰায়ণ দত্তবৰুৱাক আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো।

গুৱাহাটী

শ্ৰীচন্দ্ৰপ্ৰসাদ শইকীয়া

জানুৱাৰী, ২০০১

সভাপতি, অসম সাহিত্য সভা