পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নকওঁ। ইত্যাদি। অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত ‘বাহী’ (১ম বছৰৰ পৰা চতুৰ্বিংশ বছৰ পৰ্য্যন্ত) প্ৰকাশৰ আঁচনি গ্ৰহণ কৰি আমাক তাৰ সঞ্চলনৰ দায়িত্ব দিয়ে। ইয়াৰ বাবে সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ শলাগ লৈছে। বৰ্তমান সময়ত ‘বাহী"ৰ সকলো সংখ্যা একে ঠাইতে পোৰ টান। তাৰ ভিতৰত কিছুমানৰ আগৰ বা পিছৰ পাত নাই। এনে অৱস্থাত সংকলনৰ কাম দুৰূহ। বাঁহী বাৰটা খণ্ডত সংকলন কৰিবৰ কাৰণে সিদ্ধান্ত কৰি, সম্প্ৰতি প্ৰথম খণ্ড (প্ৰথম বছৰ আৰু দ্বিতীয় বছৰ আৰু দ্বিতীয় খণ্ড (তৃতীয় বছৰ আৰু চতুৰ্থ বছৰ) দুপাখনাৰ কাৰণে যুগুত কৰা হৈছে। মই এতিয়া অশীতিপৰ আৰু কিছুদূৰ অথৰ্ব্ব। তথাপি কাচিয়ে কাটেমানে আৰু বেলিয়ে আতে মানে কাম কৰিবলৈ সাজু।। | আমাক এই কাৰ্য্যত সহায় কৰাৰ বাবে অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক ড° এন, গোবিন্দ সিংহ, বালিগাঁও মিলনমন্দিৰ কীৰ্ত্তিচন্দ্ৰ লাইব্ৰেৰীৰ পুথি ভড়ালী শ্ৰীকুশল চন্দ্ৰ গোস্বামী, অসম সাহিত্য সভাৰ পুথি ভড়ালৰ কৰ্মচাৰী শ্ৰীগোবিন্দ দত্ত, অসম বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সঞ্চালক ডঃ জিতেন দাস, ডাঃ মহানন্দ বৰুৱা পুথিভঁড়ালৰ গৰাকী প্ৰাক্তন অধ্যক্ষ শ্ৰীকল্যাণ কুমাৰ বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰধ্যাপক ড° নগেন শইকীয়া, গুৱাহাটীৰ শ্ৰীসূৰ্য হাজৰিকা প্ৰভৃতিৰ শলাগ ললো। অসম সাহিত্য সভাই আমাৰ ওপৰত এই দায়িত্ব ন্যস্ত কৰাৰ নিমিত্তে সভাপতি শ্ৰীচন্দ্ৰপ্ৰসাদ শইকীয়া প্ৰমুখ্যে কৰ্ম- কৰ্ত্তাসকলক ধনাবাদ জনালো। ‘ৰ'দালি’ নতুনপাৰা। যোৰহাট-৭৮৫ ০০১ যতীন্দ্ৰনাথ গোস্বামী ১.১.২০০১