১৮৬ বাঁহী। [ ১ম বছৰ ৬ষ্ঠ সংখ্যা আৰু নিজৰ অতলস্পৰ্শী জ্ঞান আৰু দূৰদৰ্শিতা দেখি ভাৰতৰ বিধাতাসকল আচৰিত হৈছিল। | ৰমেশ ও কবীৰ; তেওঁ যি ফালে যায় সেই ফালেই কৰ্ম্মৰ মহান ক্ষেত্ৰ তেওঁলৈ ৰৈ থাকে। ১৯৯৯ চনত বিলাতৰপৰা উভতি আহি তেওঁ আকৌ ৰখোৰ বাত্য সোশাল, বৰোদাৰ প্ৰাকুলৈ তেওঁৰ আগমনত আনন্দৰ ধ্বনি কৰি নাচি উঠিল। এইবাৰ তেওঁ বৰদাৰ প্ৰধান মন্ত্ৰীপঙ্গত নিযুক্ত হল। ৰৰেদাৰ শাসন-বৰ সকলো অজৰ কাম তেওঁ নিজে পৰ্যবেক্ষণ কৰি থাকোতে, সেইবিলাক অঙ্গৰ মলিবোৰ নিৰে পৰিষ্কাৰ কৰিবলৈ হাতত লওঁতেই কল কাশৰ দৃষ্টি তেওঁৰ ওপৰত পৰিল। বৰোদাৰ ৰাজলক্ষ্মীয়ে মলিন বেশ ধাৰণ কৰিলে, ভাৰতৰ হিতকাল দত্তৰ উৎকট ৰোগ শুনি বলেপ্ৰাকুল আৰু ভাৰতৰ জনসাধাৰণ উৎকণ্ঠিত হৈ পৰিল। অৱশেষত চাই থাকোতে থাকোতে ১৯০১ চনৰ ৩ নবেম্বৰ তাৰিখৰৰ কথাত জনি। পেক্টোৰি (Angina Pectors) ৰোগত তেওঁ ইহলীলা সখৰণ কৰিলে। তেওঁৰ মৃত্যুসংবাদ বতাহৰ লগে লগে বৈ ভাৰত বিয়পি পৰিল। | ৰমেশ আৰু ইহ সংসাৰত নাই। কিন্তু যেয়ে এবাৰ তেওঁৰ সেই প্ৰশান্ত মূৰ্তি হৃদয়ত জাকি লবলৈ সুবিধা পাইছিল, যেয়ে এবাৰ তেওঁৰ সৰল মিঠা কথা শুনিবলৈ পাইছিল, যেয়ে এবাৰ তেওঁৰ নম্ৰ ভদ্ৰোচিত ব্যৱহাৰত মুগ্ধ হৈছিল তেওঁ কেতিয়াও এই মহাত্মাক স্মৃতিপটৰপৰা মছি পেলাব নোৱাৰে। মহাত্মা ৰমেশচন্দ্ৰ দত্তৰ সৈতে দুখীয়া আসামৰ বিশেষ সম্বন্ধ আছে। আসা- মৰ উজল তৰা শ্ৰীযুত বলিনাৰায়ণ বৰা তেওঁৰ মাজু জোৱায়েক। একালীৰাম মাস।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২২৬
অৱয়ব