পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাই।” | বেজবৰুৱাই তেওঁক “ডাঢ়ি-গােফ ফুটিওৱা কুমলীয়া মনৰ ছাতৰ” বােলাৰ উপৰি তেওঁক ‘পিট' আখ্যা দিছিল। তেওঁ তাৰ প্রত্যুত্তৰত ক'লে, “কিন্তু পিট চাহাবৰ বৰ ভাগ্য যে, তেওঁৰ আগেয়ে বা তেওঁৰ জীৱদ্দশাতে এই দৰৰ পাণ্ডুলিপি এখন (আনন্দৰাম বৰুৱাৰ অসমীয়া অভিধান- সংকলয়িতা বাহী) এখন প্ৰচাৰ হােৱা নাছিল, হােৱা হ'লে ২৫ বছৰীয়া গোঁফ তুটিও পমীয়া বুদ্ধিৰ পিট চাহাবে ইংলণ্ড হেন দেশৰ (Prime Minister) প্রধানমন্ত্রী হৈ যাব নােৱাৰিলেহেঁতেন।..." (বাহী সম্পাদকৰ চিঠিৰ উত্তৰ- উষা) । কেনে যুক্তিপূর্ণ আৰু তেজস্বী উত্তৰ। বেজবৰুৱা অসমীয়া লােক-সাহিত্যৰ পথ প্রদর্শক। তেওঁৰ বুঢ়ী আইৰ সাধু আৰু ককাদেউতা আৰু নাতিল’বা পুথিয়েই তাৰ প্রমাণ। লােক সাধু সংগ্রহ সম্পর্কে বাহীত তলত দিয়া দৰে এখন জাননী ওলায়ঃ “আমালৈ সাধু পঠিৱাসকলক কওঁ যে তেওঁলােকে ব্যস্ত নহ'ব। আমি আৰু এমাহৰ মূৰত হে সাধুবােৰৰ ভাল বেয়া বিচাৰ কৰিম| এতিয়া আমালৈ তেওঁলােকে আৰু ন ন সাধু পঠিয়াই থাওক। বহুতে আমালৈ বিদেশী সাধুৰ অসমীয়া ভাঙনি কৰি পঠিয়াইছে। তেওঁলােকক কও, যে সেইটো তেওঁলােকৰ বৃথা পৰিশ্ৰম। আমাৰ ‘বুধী আইৰ সাধু” আৰু “ককাদেউতা আৰু নাতি ল’ৰা” কিতাপত থকা সাধুকে অলপ নকৈ তাত ৰহণ সানি পঠিয়াইছে, এইটোও তেওঁলােকৰ বৃথা চেষ্টা।” (লক্ষ্মীনাথ বেজবৰুৱা, ‘বাহী’ ৪র্থ বছৰ-১ম সংখ্যা)। সেইদৰে লােকণীত সংগ্ৰহৰ বিষয়েও ‘বাহী’ত তলৰ জাননীখন ওলায় আসামত ল’ৰা নিচুকু, ওমলােৱা, শুউৱা, ল’ৰা-ছােৱালীয়ে ধেমালিতে গােৱা নামবােৰ লেখি যি আমালৈ পঠিয়াব, তেওঁ জুনুকা কিতাপকে পাব, আৰু পিছত এইখন কিতাপ ছপা হলে এনেই পাব। সকলােৱে এই সুবিধা অলপ পৰিশ্ৰম কৰি ল'ব পাৰে।” (বাহী, ৫ম বছৰ, ১ম সংখ্যা। এইখিনিতে উল্লেখ কৰিব পাৰি যে বেজবৰুৱাৰ মাজু জীয়ৰী ৰত্না বৰুৱাৰ ঘৰত বেজবৰুৱাৰ কাগজ-পত্ৰ আদি চালি-জাৰি চাওঁতে পটিয়ৰি সত্ৰৰ কোনাে এগৰাকী মহিলাই সংগ্ৰহ কৰা গীতৰ কেইটামান পাত পাইছিলোঁ। | বঁহীৰ ভাষানীতি লক্ষ্মীনাথ বেজবৰুৱাই আখৰ-যৌটনি সম্পৰ্কত ‘বাহী’ত লিখে, “ভাষা ৰঙা ঘােৰা, ব্যাকৰণ আৰু অভিধান ঘােৰা-শাল। ঘােৰা-শালটো বাতি-বুতি নাথাকিলে তেজী ৰঙা ঘােৰাই পুৰণি পৰা শাল লথিয়াই ভাঙি ওলাই চেকুৰি বাটত খুন্দা-খুলি খাই “দেউতাৰ ঘােৰা চাই ঠেং খােৰা” হৈ পৰিব।...