১৪৬ বহী। (১ম সংখ্যা ইংৰাজী আৰু অসমীয়া বাতৰি কাকত ওলায়; এই আমোলতে মণিপুৰ ৰাত বিভ্ৰাট ঘটি অনেক লঞ্চ হয় আৰু এই আমোণতে আসাম বেঙ্গল বেল চলাই ভাটাৰপৰা অহা যোৱাৰ বিশেষ সুচল কৰা হয়। অসমীয়া অংশৰ ৰে পোনতে কাল ভাগিল তাৰপৰা তেওঁলোকে পা কৰা দুৰ হৈছে। আজি চাৰি বছৰৰ কিছু ওপৰ হৈছে আসামৰ লগত পূৰ্ব-ব জাপি এজন লেফটেনেন্ট গৰণৰ পাতি দিয়া হৈছে। আমাৰ আসামত লেখা পঢ়াৰ বিশেষ সুবিধা নৌহওঁতেই শিক্ষা বিভাগ যেনে কটকটীয়া নিয়ম লগোৱা হৈছে তাৰপৰা দুখীয়া অসমীয়াৰ উচ্চ শিক্ষাৰ বাট দুৰ্গম হব বুলি ভয় হয়। অসমীয়াৰ চহকী বুলিবলৈ নাই বুলিলেও অত্যুক্তি নহয়; আৰু যি দুই এখন আছে তেওঁলোকেও ধনৰ ব্যৱহাৰ নাজানি মাথোন ৰখীয়া স্বৰূপেহে আছে। যেতিয়ালৈকে অসমীয়াই লেখ। পঢ়াৰ ফল চাকৰী কৰাই বুলি ঠাৱৰ কৰিব তেতিয়ালৈকে তেওঁলোকে বিদ্যাশিক্ষাৰ প্ৰকৃত ফলৰপৰা বঞ্চিত হব। প্ৰকৃত বিদ্যা, জ্ঞান, বিবেচনা, লাভ কৰিলেই অসমীয়াই স্বাধীন চিন্তা কৰিবলৈ শিকিব, স্বাধীন চিন্তাৰপৰা স্বাবলম্বন শিকিব, খাবলশৰ পৰা মানসিক বল আহিব আৰু তাৰপৰাই মনুষ্যৰ কৰ্তব্য কৰ্ম্ম বুলিব পাৰিব। কোনো কাম অকলৈ নোৱাৰিলে দহনে মিলি কৰিবলৈ চাব; তেহে নিজৰ আৰু ৰে মঙ্গল সাধিব পাৰিব। অসমীয়া জাতীয় তাৰ শ্বেতিৰা বিষ তেতিয়াই যে হিংসা গুচি পৰস্পৰৰ নিমিত্তে সহানুভূতি হব আৰু তেতিয়া উন্নতিৰ বাটও প্ৰশস্ত হব। তাই অসমীয়া! হাত সাবটি বহি থাকি ভাবি- ৰৰ দিন গল; কাৰ্য্যক্ষেত্ৰত প্ৰবেশ কৰ, তেহে যদি মোৰ জীৱন-যুদ্ধত তিষ্ঠিৰ পাৰা। কৰ্তব্য কাম কৰিবলৈ কাৰো মুখাপেক্ষা নকৰিবা। কাষৰ নিমিত্তে সাজু হৈ নিজে সু দৃষ্টান্ত দেখুৱাই শিক্ষাৰ সুফল বিকীৰ্ণ কৰা। উপেনাথ বৰুৱা।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৮৪
অৱয়ব