আপােনাৰ অভিলাষ পূৰণ নহ'ব যেন পাওঁ। সেই নিমিত্তে ‘কামৰূপীয়া ভাষাৰ ভড়ালৰ সঞ্চাৰ পেটিকে দিব ইচ্ছা কৰিছাে। সেই সঞ্চাৰ পেটি এই বৰ্তমানৰ আমাৰ অসমীয়া ভাষাই যি আকতি ধাৰণ কৰিছে তাৰেই কিছুমান শব্দ অলপ পৰিবৰ্তন কৰিলে কামৰূপীয়া ভাষা' এই ফটফটীয়াকৈ ওলাব।" লেখকৰ নাম উত্তম চন্দ্ৰ বৰুৱা কামৰূপীয়া নিউজ ধেকেৰী। | ওপৰৰ পত্ৰৰ চূর্ণিকাত ‘বাঁহীৰ সম্পাদকে তলত দিয়া দৰে পােহ দিলে, | |
“আমাৰ নামনি অসমৰ বন্ধুসকললৈ প্ৰতি, আমি শুনি দুখিত হৈছে যে গত সংখ্যা বাঁহীত ওলােৱা “হা মােৰ কাপাল" পদ্যটো পঢ়ি আমাৰ নামনি আসামৰ বন্ধুসকলে বেজাৰ পাইছে। আৰু তেওঁলােকক বা আন কাকো বেজাৰ দিবৰ মনেৰে বা নামনি অসমৰ কথা ইতিকিং কৰিবৰ মনেৰে তাক চলােৱা নাছিলোঁ।অথবা অসমীয়া আৰু কামৰূপীয়া যে দুটা ভাষা সেইটো দেখুৱাবলৈ একো চেষ্টা কৰা নাছিলাে, আৰু কৰিমেই বা কিয়? অসমীয়া ভাষা মানে কামৰূপীয়া ভাষা, কামৰূপীয়া ভাষা মানে অসমীয়া ভাষা। গত সংখ্যা বাহীত শ্রদ্ধাম্পদ শ্ৰীযুত ভােলানাথ কাকতিৰ প্ৰবন্ধটো (অসমীয়া হুজুগ-সংকলয়িত বহী) মন দি পঢ়িছে তেৱেই আমাৰ অভিপ্রায় বুজিছে। ভাটীৰ অসমীয়া কথাৰে কেনে একোটি সুন্দৰ কবিতা ৰচনা কৰিব পাৰি এইবাৰৰ “হা মােৰ হৰি পদ্যটো পঢ়িলেই বুজা যাব (বাহী, ২য় বছৰ, ২য় সংখ্যা)। এই প্রসঙ্গত টেটকুটীয়া আৰু মলিমিয়ান কৃপাবৰেও কয়- “কামৰূপীয়া ভাষা কথাষাৰ লৈ তােলপাৰ লগােৱাসকলক বৰবৰুৱাই সােধে, যে কামৰূপীয়া কথাটোৰ ওপৰত তেওঁলােকৰ অকলশৰীয়া দাবি’ কেতিয়াৰ পৰা হ'ল? আমি বুজোঁ কামৰূপীয়া ভাষা মানেই অসমীয়া ভাষা, অসমীয়া ভাষামানেই কামৰূপীয়া ভাষা। তেওঁলােকৰ ঘৰুৱা মাতক লােকে কি নাম দি মাতে সেই নামতহে তেওঁলােকৰ একাধিপত্য আছে, এইটো তেওঁলােকে পাহৰে কিয়?” (বাঁহী, কৃপাবৰ বৰুৱা সামৰণি, ৩য় বছৰ-২০ সংখ্যা)। অৱশ্যে শব্দ বিভ্রাট সম্বন্ধে বেজবৰুৱাই স্পষ্টভাৱে কৈছিল, “লােকৰ ওপৰত খং কৰি “চকুৰ ঠাইত “চক্ষু”, “শিকিব” ঠাইত ‘শিখি’ লেখি থাকিলে সিমান হানি-বিঘিনি নাই, কাৰণ দুৰন্ত ল'ৰাই জেদ কৰি ভাত নেখাও ভাত নেখাও বুলি থাকিলেও মাকৰ মৰম নেযায়, মাকে আতৌ-পুতৌ মাতি আনি বা বলেৰে ধৰি আনি ভাত খুৱাই দিব, কিন্তু সেই ল'ৰাই বাঢ়ি গৈ জেদৰ কোব টান কৰি দি ‘সােমােৱা’ক ‘সুমুৱা', 'ওলােৱাক’ ‘উলুৱা’, ‘তােলাক’ ‘তুলা’ আদি কৰি ব্যাকৰণ বিভ্রাট ঘটায় তেন্তে তাৰ বিপদ সন্নিকট।” (বাহী, ৫ম বছৰ, ৬ষ্ঠ সংখ্যা)। যেন তপত তেলত পানীৰ ছিটিকনি।