প্রসিদ্ধ বিদ্বান ডঃ বাণীকান্ত কাকতি। অসম প্রদীপিকাৰ আঁৰত থকা যশম্পতি শর্মাই নিজৰ পৰিচয় দিছে এইদৰে আমাৰ পৰিচয়। আমি যিদিনাই প্রণীপিকা কাকতত প্রবন্ধ লেখিবলৈ আৰম্ভ কৰিলে, সেইদিনই কামৰূপী পৰিচয় দিয়া হৈছিল।.. যশম্পতি বেনামী নহয়- কামৰূপ জিলাৰ বডিগােগ মৌজাত আমাৰ ঘৰ। নলবাৰীৰ পৰা অগ্নিকোণ ফালে ১১১২ মাইলমান আহিলে আমাৰ ঘৰ পৰে। সংস্কৃত অধ্যাপনা আমাৰ ব্যৱসায়। আমাৰ বয়স ৩৮ বছৰৰ ওপৰ হৈছে।” যশস্পতি দেৱ আৰু বাঁহী (অসম প্রদীপিকা, ১ম বছৰ, ১২শ সংখ্যা)। | ভৱানন্দ পাঠকে ‘বাহী’ত বিজুলী শিতানত কেইবাটাও প্রবন্ধ লিখে। সেইবােৰ ওখখাপৰ প্রবন্ধ। প্রতি পক্ষই বিপৰীত পক্ষৰ যুক্তি খণ্ডন কৰিবলৈ যাওঁতে অনেক তত্ত্বমূলক কথা প্রকাশ হৈছিল। লক্ষ্মীনাথ বেজবৰুৱা কিয় এই তর্কযুদ্ধত প্রবৃত্ত হ’ল সেই বিষয়ে তেওঁ কৈছে, “শিক্ষিত বৰদলৈয়ে সেইসকলকে কর্ণধাৰ হৈ, আমাক স্বদেশদ্রোহী, ভাই- ভাই বিৰােধ বুলি সন্তোষ লভিছে। দুখৰ বিষয় তেওঁ মাজানে নে ভাই নাই যে আজি আমি অতকালৰ পৰা যেনে অৱস্থাত, যেনেদৰে দূৰ-দেশত আৰু বাহিৰে-ভিতৰে যেনে বিদেশী atmosphere অত আছে, আমাৰ পৱিত্ৰ জনমভূমিৰ, জননী অসমৰ “আই মােৰ অসমৰ” পুণ্য স্মৃতিৰ বাহিৰে প্রায় সকলাে সম্পর্কই আমাৰ পৰা গুচিছে, অসমৰ এক ধনিষ্ঠামানাে অনিষ্ট হলেও, অসম আইৰ গাত এতিলমাননা দাগ পৰিলেও আমাৰ গৌৰৱ, আসামৰ শ্ৰেষ্ঠ বতুসকলৰ বিন্দুমাত্র অসম্মান লাঘৱ বা প্রকৃত মূল্যৰ কোনােৱে ইচ্ছাপূর্বক কম প্ৰদান কৰা দেখিলেও প্রাণত ভয়ানক আঘাত লাগে, এনে আমি হলো বৰদলৈৰ মতে স্বদেশদ্রোহী, ভাই ভাই বিৰােধী আৰু অসমৰ চুকতে থাকি বুকুতে কামােৰা শৰ-মাধৱক লঘু কৰা বাঙ্গালী বিদেশৰ চৰণত দিবলৈ হাতত প্রদীপিকা অস্ত্র লৈ মিছা জাল পতাসকল হ'ল ধার্মিক আৰু স্বদেশমিত্র। বিধিৰ কি বিড়ম্বনা” (বাহী, দশম বছৰ, অষ্টম সংখ্যা। গাজত লগা কথা। কামৰূপীয়া ভাষা সম্পর্কে বিত। লক্ষ্মীনাথে ‘বাহী’ত ‘কামৰূপীয়া ভাষাত ৰচনা কৰা গল্প বিচাৰি জাননী দিছিল। সিফালে বাহী দ্বিতীয় বছৰ, প্রথম সংখ্যাত নামনি অসমৰ ভাষাৰে লেখা ‘মােৰ কাপাল” (তােহনাই কিনাে কৰাহ, এই প্লান কিনাে বকাহা? ...) নামৰ এটা কবিতা ওলায়। সেই প্রসঙ্গত বাঁহীত (২য় বছৰ, ২য় সংখ্যা) এজন অসমীয়া ডাঙৰীয়াই লিখে, “আপােনাৰ গত সংখ্যা বাহীত কামৰূপীয়া ভাষাৰে লিখা গল্প খােজাৰ বিজ্ঞাপন দেখি বঁটাৰ লােভ সামৰিব নােৱাৰি দুই ফাকিমান লিখিবলৈ আশা কৰিলাে।... কামৰূপীয় ভাষাৰ কেৱল এটি বা দুটি গল্প পঢ়ি
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৭
অৱয়ব