পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভিতৰত প্ৰচলিত অসন্তাৱৰ এটা প্রধান কারণ বঙ্গলীসকলৰ অসমীয়া ভাষাৰ প্রতি চিৰপােষিত বিদ্বেষ ভাব।” (১ম বছৰ, ১০ম সংখ্যা)। | বাঁহীৰ প্ৰথম বছৰৰ বাৰটা সংখ্যাৰ সকলাে বাকলি পাত আমি চাবলৈ পােৱা নাই। প্রথম বছুৰ, প্রথম সংখ্যাত ভিতৰৰ প্রথম পৃষ্ঠাৰ আণিতে এগৰাকী মহিলাই বাঁহী বজোৱাৰ ছবি থকা বুলি ওপৰত কোৱা হৈছে। দ্বিতীয় সংখ্যাৰ ভিতৰৰ প্ৰথম পিঠিত ছবি নাই। তৃতীয় সংখ্যাৰ ভিতৰৰ প্রথম পিঠিত মেঠনি মৰা এগৰাকী গাভৰুৱে বাঁহী বজোৱা আৰু মৰাই চালি ধৰা ছবি (বাঁহী’ কবিতাৰ ওপৰত প্ৰকাশ হৈছিল। উক্ত সংখ্যাৰ বাকলি পাতৰ একেখন ছবিয়েই আছিল। বাকলি পাতৰ সেই ছবি একাদশ সংখ্যাতাে আমি দেখা পাইছোঁ। প্ৰথম আৰু তৃতীয় সংখ্যাৰ প্ৰথম আৰু ইষষ্ঠি পিঠিৰ ছবিৰ বাহিৰে বাকী সংখ্যাবােৰৰ ভিতৰত ছবি নাই। আকৌ মেঠনি মৰা ছবিৰ প্রসঙ্গত আউনীআটী গােস্বামীয়ে (কমলদেৱ গােস্বামী) ‘বাহী’ত নির্মালি নামৰ এটা কবিতা লিখে ? “আজি ৰাতি দহ বজাত স্নান কৰি আহি। পঢ়িবলৈ ধৰােতে পৰিল হাতত ‘বাহী। ময়ুৰ পক্ষীয়ে পাখি কৰি পাহি পাহি। বাঁহীত নাচিছে মৰা দেখি উঠিল হহি। নন্দৰ নন্দনে বাঁহীত মৰা নচুৱায়। ব্রজবাসী গােপীগণে বেৰি বেৰি চায়।। আজিকালি কলিকতাত ৰাধাই বজায় । বুকত মেথনি মাৰি মৰা নচুৱায়।। ৰাধাই বজাই বাঁহী কতাে শুনা নাই। উত্তৰ পঠাব মােলৈ বেজবৰুই।।-- বাঁহী, ৮ম সংখ্যা কিন্তু এই ছবিৰ বিষয়ে সম্পাদকৰ উত্তৰ বা মন্তব্য বাঁহীত প্রকাশ নহ'ল। বাঁহ আৰু অসম প্ৰদীপিকাৰ থৈয়া-নখৈয়া অসম প্রদীপিকাৰ সম্পাদক ৰজনীকান্ত বৰদলৈৰ উক্তিতে (১ম বছৰ, ১ম সংখ্যা, ১৮৪২ শক) এই বিতর্কৰ কাৰণ নিহিত আছে। অসম প্রদীপিকাৰ সম্পাদকে লিখে, “আজি ন দহ বছৰে দামােদৰপীৰ ওপৰত যে কিমান কিমান অযথা আক্রমণ হৈছে সেইবিলাক ক'বলৈ গ'লে এক মহাভাৰত হ'ব। দামােদৰল্পীসকলে এই কেইবছৰ কোনাে মাতকে মতা নাই। বিবিধ বাতৰি ১। দামােদৰপন্থী আৰু শঙ্কৰদেৱ তথা মহাপুৰুষীয়া ধৰ্ম্মৰ বিষয়ে অসম প্ৰদীপিকা আৰু বাঁহীৰ ভিতৰত ঘােৰ বাদানুবাদ হয়। একাদশ-দ্বাদশ বছৰৰ বাঁহীয়েই সেই কথাৰ প্রমাণ। বাঁহীৰ পক্ষত আছিল ভৱানন্দ পাঠক তথা